বিবুধিত জনতা ! এফালে শান্তি আলোচনাৰ পৃষ্ঠপোষকতা আনফালে গণতন্ত্ৰ দিৱসৰ বিৰোধিতা...

বিবুধিত জনতা ! এফালে শান্তি আলোচনাৰ পৃষ্ঠপোষকতা আনফালে গণতন্ত্ৰ দিৱসৰ বিৰোধিতা...
বিবুধিত জনতা ! এফালে শান্তি আলোচনাৰ পৃষ্ঠপোষকতা আনফালে গণতন্ত্ৰ দিৱসৰ বিৰোধিতা...

ডিজিটেল ডেস্কঃ এফালে আলোচনাৰ প্ৰসংগ আনফালে গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান। আলফাৰ স্থিতিক লৈ বিবুধিত সাধাৰণ জনতা। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আলফাৰ শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন হোৱাৰ সমান্তৰালকৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলাইছিল পৰেশ বৰুৱাই। শেহতীয়াকৈ কে এল অ'ৰ সৈতে আৰম্ভ হোৱা শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ মাজতে জীৱন সিংহৰ মূল সুঁতিলৈ আগমনে আলফাৰ সৈতও শান্তি আলোচনাৰ বিষয়টোক অধিক প্ৰাসংগিক কৰি তুলিছে।

তাৰ মাজতে বিভিন্ন টেলিভিশ্যন চেনেলৰ টক শ্ব'ত পৰেশ বৰুৱাই অংশগ্ৰহণ কৰি শান্তি আলোচনাক লৈ বিতৰ্কত অংশগ্ৰহণ কৰিছে। চৰ্চা হৈছে আলফাৰ শান্তি আলোচনালৈ অহাৰ বিষয়টোক লৈ জনমত গঠন কৰাৰ।

আলফাৰ শান্তি আলোচনাক লৈ চলি থকা এনে বিতৰ্ক আৰু চৰ্চাৰ লগতে পৰেশ বৰুৱাৰ নৰম স্থিতিৰ মাজতে কপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিয়ে বিবুধিত পেলাইছে সাধাৰণ নাগৰিকৰ লগতে সংবাদ মাধ্যমকো। যাৰ বাবে পূৰ্বৰ দৰে এই প্ৰেছ বিবৃতিয়ে এতিয়াও গুৰুত্ব লাভ কৰা নাই।

আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰা এই বিবৃতি আলফা আৰু এন এছ চি এন, জি পি আৰ এনে যৌথ ভাৱে গ্ৰহণ কৰা গণতন্ত্ৰ দিৱস বৰ্জনৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা হৈছে। প্ৰেছ বিবৃতিটোত কোৱা হৈছে-

''বুৰঞ্জীগত ভাৱে অসম-নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূৱ এছিয়া অঞ্চল কেতিয়াও ঐঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ অংগ বা পৰাধীন নাছিল। এই অঞ্চলৰ অতীত বুৰঞ্জী, পৃথক নৃ-গোষ্ঠীয় পৰিচয়, ভাষা-সংস্কৃতি আৰু প্ৰথাগত ৰীতি-নীতি আদিৰে সমৃদ্ধশালী জাতিসমূহে স্বতন্ত্ৰ পৰিচয়েৰে জীৱন নিৰ্বাহৰ মাজেৰে সাৰ্বভৌম স্বাধীনতা অক্ষুন্ন ৰাখিছিল।

ইয়াণ্ডাবু সন্ধি অনুসৰিও অসমখনক কাৰো দখললৈ হস্তান্তৰ কৰা হোৱা নাছিল। কিন্তু তকথাকথিত স্বাধীনতাৰ পাছৰে পৰা বৈৰী ভাৰতৰাষ্ট্ৰই অসম-নাগালেণ্ডকে ধৰি সমগ্ৰ ৱেষ্টাৰ্ণ ছাউথ ইষ্ট এছিয়া অঞ্চলৰ বিশাল প্ৰাকৃতিক সম্পদৰাজী শোষণ-লুণ্ঠন কৰাৰ উপৰি ১৯৬২ চনৰ পাছতহে যুদ্ধক্ষেত্ৰত কৌশলগত দিশৰ পৰা ভৌগালিক স্থিতিত অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত উমৈহতীয়া শত্ৰু বৃটিছৰ বিৰুদ্ধত স্বাধীনতাৰ যুঁজত অফুৰন্ত ত্যাগ আৰু বৰঙণি আগবঢ়াইছিল।

আনকি সংগ্ৰামৰ সময়ছোৱাত তেতিয়াৰ ভাৰতীয় নেতৃবৃন্দই এই অঞ্চলৰ থলগিৰিৰ স্বকীয় বুৰঞ্জী আৰু স্বাধীন হোৱাৰ পূৰ্ণ ৰাজনৈতিক অধিকাৰক স্বীকৃতি প্ৰদান কৰিছিল। কিন্তু পৰিবর্তিত পৰিস্থিতিত ৰাজনৈতিক অভিসন্ধিৰে ৰাষ্ট্রযন্ত্রই সংবিধানত স্বতন্ত্ৰতাৰ সুৰক্ষাৰ মৌলিক উপাদান 'স্বাধীনতা' হৰণ কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰাই সংবিধান কার্যকৰী কৰে।

এই দিনটোৰ সৈতে অসম-নগালেণ্ডৰ স্বতন্ত্র জাতিসত্তা সমূহৰ হত স্বাধীনতা জড়িত আছে। এনে পৰিপ্ৰেক্ষিতত ই হৈছে বৈৰী ৰাষ্ট্ৰই বিগত ৭৩ বছৰ ধৰি অসম নগালেণ্ডক কৰি অহা প্ৰতাৰণা প্ৰৱঞ্চনা, শাসন-শোষণৰ কলঙ্কিত অধ্যায়।

সেয়ে, প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা 'গণতন্ত্ৰ দিৱস' পালন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ। এইবেলিও অসম আৰু নগালেণ্ডৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠনৰ তথা মুক্তিকামী জনগণক শত্রু পক্ষৰ সকলো নির্ধাৰিত কার্যসূচী বৰ্জনৰ বাবে আহ্বান জনাইছোঁ।

লগতে উক্ত সময়ছোৱাত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান আৰু ব্যক্তিগত পর্যায়তো প্রত্যাখ্যান কৰক। ভুৱা 'গণতন্ত্ৰ দিৱস' বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্যতম হ'ব ২৬ জানুৱাৰীৰ ০০:১ বজাৰ পৰা ১৮:০০ বজালৈকে সৰ্বাত্মক বন্ধ।

অৱশ্যে এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ আৰোপ কৰা হোৱা নাই। “পৰাধীনতাৰ বিৰুদ্ধে ঐক্যবদ্ধ হওক/ঔপনিবেশিক ভাৰত নিপাত যাওক/ থলগিৰিৰ বুৰঞ্জীগত 'স্বাধীনতা' প্রতিষ্ঠা হওক।''

বিবুধিত জনতা ! এফালে শান্তি আলোচনাৰ পৃষ্ঠপোষকতা আনফালে গণতন্ত্ৰ দিৱসৰ বিৰোধিতা...
পাঠান, খান, হিমন্তৰ নহয়, চৰ্চা হওক দিগন্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in