পাঠান, খান, হিমন্তৰ নহয়, চৰ্চা হওক দিগন্তৰ...

পাঠান, খান, হিমন্তৰ নহয়, চৰ্চা হওক দিগন্তৰ...

- মৃদুল কুমাৰ সন্দিকৈ

২০১৬ চন, আশুতোষ গুৱাৰিকাৰ ছবি মহেঞ্জোদাৰো নিৰ্মাণ হওতে চৰ্চালৈ আহিছিল এজন অসমীয়া অভিনেতা । সেই ছবিখনত হৃত্বিক ৰোচনৰ সৈতে অভিনয় কৰিছিল এই অসমীয়া অভিনেতা গৰাকীয়ে । সিন্ধু সভ্যতাৰ ওপৰত নিৰ্মাণ কৰা ছবিখনত তেওঁ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত তেওঁ ৰূপায়ন কৰা চৰিত্ৰটোৰ নাম আছিল লোথাৰ । ছবিখনৰ বহু এক্সন ধৰ্মী দৃশ্যত তেওঁক দেখা পোৱা গৈছিল । এনদৰেই বলীউদত প্ৰৱেশ কৰিছিল অসমৰ সু অভিনেতা তথা মডেল দিগন্ত হাজৰিকাই । একেজন পৰিচালকৰে আন এখন জনপ্ৰিয় ধাৰাবাহিক আছিল এভাৰেষ্ট । এই ধাৰাবাহিক খনতো অভিনয়ৰ সুযোগ পাইছিল দিগন্ত হাজৰিকাই ।

২৫ জানুৱাৰী,২০২৩ । সকলোতে এক ব্যস্ততাৰ পৰিৱেশ, বিশেষকৈ চিনেমা হ'লবোৰৰ চৌহদত । মহানগৰীৰ এটা জনপ্ৰিয় ছবিগৃহ অনুৰাধা । পুৱা ৭ বজাতেই ছজনীয়া আৰক্ষী দলে অৱস্থান লৈছিল সেই ছবিগৃহটোৰ চৌহদত । চিনেমাৰ প্ৰদৰ্শন হ'বলৈ তেতিয়াও বহু সময় বাকী । কৰ্তব্যৰত কনিষ্ঠবল এজনে হাহিঁ মাৰি কৈছিল "দাদা, শ্বাহৰুখক ৰখিছো" ।

পুৱা ১১টা, ২টা, আবেলি ৫ টা আৰু সন্ধিয়া ৮ টাত শ্বো আছে এখন বিশেষ ছবিৰ । হ'লটোৰ চৌদিশে সেই ছবিখনৰ পোষ্টাৰ । একেবাৰে ওপৰত ছবিগৃহটোৰ শীৰ্ষ মহলাৰ পৰা তললৈ ওলমাই ৰখা এখন দীঘল পোষ্টাৰ  । শ্বাহৰুখ খানৰ ছবিৰ ওপৰত আৰি দিয়া হৈছে ফুলৰ মালা । শ্বাহৰুখৰ কপালত লগাই থোৱা আছে ৰঙা তিলক । তিনি দিনৰ বাবে ছবিগৃহটোত টিকট প্ৰায় শেষ । কাৰণ চৰ্চা আৰু বিতৰ্কত আছে এই ছবিখন । নাম পাঠান ।

আজি পিছে পাঠান বা কিং খান আমাৰ চৰ্চাৰ বিষয় নহয় । বিষয় পাঠানেই, কিন্তু বিষয়ৰ কেন্দ্ৰবিন্দু অসমৰ দিগন্ত হাজৰিকা । কিং খানৰ লগত এই ছবিখনত অভিনয় কৰিছে অসমৰ এই অভিনেতা গৰাকীয়ে । পাঠানৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ যোগাযোগ আৰু দিগন্ত হাজৰিকাৰ সৈতে অসমৰ প্ৰত্যক্ষ সংযোগৰ মাজত পাৰ্থক্য আছে ।মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ আইন শৃংখলা জনিত আৰু দিগন্তৰ সৈতে এই যোগাযোগ অভিনয় জনিত ।

আমি কোনেও এই কথাখিনি আলোচনা কৰা নাই । কেৱল পাঠানৰ বিতৰ্কৰ পিছত আমি দৌৰি ফুৰিছো ।

এইবোৰ ভাল খবৰ দিবলৈ বা বিচাৰিবলৈ আমাৰ যেন আজৰি নাই । গেৰুৱা বিকিনি কোনে পিন্ধিছে তাতোকৈ ডাঙৰ খবৰ আমাৰ বাবে নহয় জানো কিং খানৰ সৈতে অসমৰ এজন অভিনেতাই অভিনয় কৰাটো ।

২০০৪ চনত অভিনয় জগতত প্ৰৱেশ কৰিছিল দিগন্ত হাজৰিকাই । ১৯৮৪ চনৰ ২৩ ছেপ্টেম্বৰত নগাওঁৰ পুৰণিগুদামৰ গায়ন বৈৰাগী চকত জন্ম অভিনেতা গৰাকীৰ । তেওঁৰ মাতৃৰ নাম জ্যোতিপ্ৰভা হাজৰিকা । তেওঁ এগৰাকী সু অভিনেত্ৰী । তেওঁৰ পিতৃৰ নাম কুঞ্জকান্ত হাজৰিকা । তেওঁ অসম বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী আছিল । পুৰণিগুদাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰু নগাওঁতেই কলেজীয়া শিক্ষা গ্ৰহণ কৰা দিগন্ত হাজৰিকাৰ সৰুৰে পৰাই খেলা ধূলাত ৰাপ আছিল ।

ভাল টাইকোৱাণ্ডো খেলুৱৈ আছিল তেওঁ । গুৱাহাটীলৈ আহি প্ৰথমে গাড়ীৰ শ্বৰ'ম এটাত কাম কৰিছিল তেওঁ । তাৰ পাছত মডেলিং জগতত ভৰি থোৱা দিগন্তই এখন চুটি ছবিত কাম কৰাৰ সুযোগ পাইছিল । ছবিখনৰ নাম আছিল "কি নাম দি মাতিম" । এনেকৈয় অভিনয়ৰ ক্ষেত্ৰখনত আগুৱাই যোৱা দিগন্ত হাজৰিকাই ৰিচাং, ৰ'দ, অনুৰাধা, মহেঞ্জোদাৰো, দা আন্ডাৰৱৰ্ল্ড আদি ছবিত অভিনয় কৰি বলীউদত ভৰি থৈছিল গৈ ।

২০১৪ চনতেই তেওঁ বলীউদৰ ছবি মহেঞ্জোদাৰোৰ বাবে স্বাক্ষৰ কৰাৰ সুযোগ পাইছিল । সেইজন অভিনেতাই এতিয়া পাঠানতো অভিনয় কৰিছে । কোনে ক'ত পোষ্টাৰ ফালিলে, কোনে কালৈ ফোন কৰিলে বা নকৰিলে সেইবোৰ কথাতকৈ জানো গুৰুত্বপূৰ্ণ নহয় এইবোৰ খবৰ । অতি নীৰৱে কাম কৰি যোৱা আৰু প্ৰচাৰৰ পৰা আতৰত থকা দিগন্ত হাজৰিকাৰ এই খবৰে আমাক এক প্ৰাপ্তিৰ সুখ দিয়ে ।

পাঠানৰ বিতৰ্ক এৰি আমি আলোচনা কৰিব লগা খবৰ এইবোৰ । বলীউদৰ বহু প্ৰতিষ্ঠিত অভিনেতাৰ সৈতে অভিনয় কৰিছে দিগন্ত হাজৰিকাই । অভিনয়ত আদিল হুছেইন, বাহাৰুল ইছলাম, ভাগীৰথী আদি অভিনেতা অভিনেত্ৰীৰ দৰে দিগন্ত হাজৰিকায়ো এক সু প্ৰতিষ্ঠা লাভ কৰক সেই কামনা আমাৰ সদায় আছে আৰু থাকিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in