চিনেমাৰ প্ৰচাৰেৰে সামাজিক ব্যাধি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই...

প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সোঁৱৰিলে নব্বৈৰ দশকত সংগঠনটোৱে লোৱা স্থিতিক
চিনেমাৰ প্ৰচাৰেৰে সামাজিক ব্যাধি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই...
চিনেমাৰ প্ৰচাৰেৰে সামাজিক ব্যাধি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই...

ডিজিটেল ডেস্কঃ যিসময়ত সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি প্ৰায় প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে, ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সেই সময়তে ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বহিনী, অসম (স্বাধীন)-য়েও ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে এইসমূহ দ্ৰব্যই সমাজত এক অসুস্থ বাতাবৰণ সৃষ্টি কৰা বুলি উল্লেখ কৰি নৱপ্ৰজন্মৰ মন, মগজু ধ্বংস হবলৈ ধৰিছে বুলিও উল্লেখ কৰিছে।

সেয়ে সংগঠনটোৱে এনেবোৰ সমস্যাক লৈ নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি নামৰ নতুন অসমীয়া চিনেমাখন উপভোগ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনোৱাৰ লগতে চিনেমাখনৰ প্ৰদৰ্শনৰ সময়ত চিনেমা হলসমূহত হিন্দী ছবিৰ প্ৰদৰ্শন স্থগিত ৰাখিবলৈও আহ্বান জনাইছে।

উল্লেখ্য যে, এই চিনেমাখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। তেওঁৰ সৈতে আছে বলিউডত প্ৰতিষ্ঠিত অসম কন্যা প্লাবিতা বৰঠাকুৰ। চিনেমাখনত সংগীতৰ গীতসমূহত কণ্ঠ দিছে জুবিন গাৰ্গ, ৰূপম ভূঞা, মহালক্ষ্মী আয়াৰ, ত্ৰিণয়ন বৰুৱা আৰু স্কটলেণ্ডৰ অৰিয়ানাই। চিনেমাখনৰ কাহিনী আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই। পৰিচালক কিশোৰ তহবিলদাৰ।

সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে স্বাক্ষৰ কৰা বিবৃতিত লিখিছে- ''সাম্প্ৰতিক সময়ত অসমৰ নৱপ্ৰজন্মৰ মাজত ক্রমাগতভাবে বৃদ্ধি পোৱা নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহৰ কাৰ্য্যই সমাজত এক অসুস্থ বাতাবৰণৰ সৃষ্টি কৰিছে। অনুপেক্ষনীয় যে আজিৰ নৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ। সেই ভবিষ্যতে কেৱল নিজৰেই নহয় এখন সমাজৰ, এখন দেশৰ হিত সাধন কৰিবলৈ সামৰ্থ ৰাখে। কিন্তু সম্প্রতি এনে নিচাযুক্ত দ্রব্যৰ প্ৰতি আসক্ত হৈ বহু যুৱক-যুৱতীৰ মন-মগজু আৰু বিবেক ধ্বংস হ'বলৈ ধৰিছে। যাৰ বাবে এইসমূহ দ্রব্য সামাজিক ব্যাধি হিচাপে পৰিগণিত হৈছে। এই নিচাযুক্ত দ্রব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু পৰিৱৰ্তিত জীৱনশৈলীত ই কিমান কঠিন ৰোগৰ সৃষ্টি কৰি মৃত্যুৰ কাৰক হ'ব পাৰে, সেৱনকাৰী সকলে প্রথমাৱস্থাত সেয়া উপলব্ধি কৰিব নোৱাৰাৰ ফলশ্রুতিত বহু পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে, ধ্বংস হৈ পৰিছে একো একোখন ঘৰ। এনে নিচাযুক্ত সামগ্ৰীৰ কবলত পৰা মানেই মৰণ ফাণ্ডত ভৰি দিয়া।''

সংগঠনটোৱে নব্বৈৰ দশকত কিদৰে এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল সেই বিষয়েও উল্লেখ কৰিছে। বিজ্ঞপ্তিটোত লিখিছে - ''স্বীকাৰ্য্য যে, নব্বৈ দশকৰ আৰম্ভণিৰ পৰা শতিকাৰ শেষলৈকে যেতিয়া আলফা সক্রিয় আছিল তেতিয়া এনে নিচাযুক্ত দ্রব্যৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি তাক প্ৰতিৰোধ কৰা হৈছিল। যাৰ বাবে সমাজত এনে মৰাত্মক দ্রব্য সমূহ সহজে প্রবেশ কৰিব নোৱাৰিছিল। পৰিৱৰ্তীত ৰাষ্ট্ৰপক্ষই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে এই সামাজিক ব্যাধিৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে কেৱল আলফাক ধ্বংস কৰিবলৈকে এই দ্রব্যসমূহৰ সৰবৰাহ বাহাল ৰখাই নহয় অলিয়ে-গলিয়ে সুলভ কৰি তুলিছে।

প্রণিধানয্যোগ্য যে, কেৱল আৰক্ষীৰ ওপৰত ভৰ দি এই গুৰু বিষয়টো কেতিয়াও নির্মূল কৰিব নোৱাৰি। কিয়নো, কোনো কোনো ক্ষেত্রত সামাজিক ব্যাধিৰূপে চিহ্নিত হোৱা এই মাৰাত্মক নিচাযুক্ত দ্রব্যসমূহ সৰবৰাহত আৰক্ষী-প্রশাসনো প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থকাৰ উদাহৰণ অনেক।

ওপৰোক্ত বিষয়বস্তুক ভিত্তি হিচাপে লৈ প্ৰযোজক ৰাতুল বৰুৱাদেৱে "প্রতিশ্রুতি" নামেৰে এখনি অসমীয়া বোলছবি নির্মাণ কৰি উলিয়াইছে আৰু ই অহা ইংৰাজী ২৪ মে' ২০২৪ তাৰিখে মুক্তি লাভ কৰিব। উক্ত বোলছবিখন সমাজৰ প্ৰতিগৰাকী অভিভাবক, সচেতন ব্যক্তিৰ লগতে যুৱপ্ৰজন্মই উপভোগ কৰা প্রয়োজন অনুভৱ কৰি থলগিৰি ৰাইজলৈ এই পত্ৰৰ যোগেদি বিনয়েৰে গোহাৰি জনোৱাৰ লগতে অহা ইং ২৪ মে' ২০২৪ তাৰিখৰ পৰা অন্ততঃ তিনি-চাৰি সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত "প্রতিশ্রুতি" ছবিখনৰ প্ৰদৰ্শন বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈ আৰু "প্রতিশ্রুতি" প্ৰদৰ্শনৰ সময়সূচীত অন্য হিন্দী ছবি প্রদর্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰী সকলক আহ্বান জনালোঁ।''

চিনেমাৰ প্ৰচাৰেৰে সামাজিক ব্যাধি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই...
সময়ৰ পৰিহাসঃ এসময়ত 'ডাইনী' আখ্যা দিয়া কংগনাৰ হৈ চলাব লাগিব প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in