আলফাই গঠন কৰিছিল KLO: ভূটানত স্বাক্ষৰিত হৈছিল চুক্তি...

আলফাই গঠন কৰিছিল KLO: ভূটানত স্বাক্ষৰিত হৈছিল চুক্তি...
আলফাই গঠন কৰিছিল KLO: ভূটানত স্বাক্ষৰিত হৈছিল চুক্তি...

ডিজিটেল ডেস্কঃ আলফাৰ ঔৰষতে জন্ম হৈছিল কমতাপুৰ লিবাৰেশ্যন অৰগেনাইজেশ্যন চমুকৈ কে এল অ'ৰ। কে এল অ'ৰ সৃষ্টি হৈছিল আলফাৰ দ্বাৰা। বিশেষকৈ পশ্চিমবংগৰ শোষিত, নিস্পেষিত, অৱহেলিত কোচ ৰাজবংশী লোকসকলৰ বিষয়ে চিন্তা কৰিয়েই আলফাৰ দ্বাৰা গঠন হৈছিল কে এল অ'।

পশ্চিমবংগত বাস কৰা কোচ ৰাজবংশীসকলৰ দুৰৱস্থা আৰু ৰাজ্যখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰি থাকিব লগীয়া হোৱা পৰিৱেশ আলফাৰ নেতৃত্বই বিভিন্ন সময়ত প্ৰত্যক্ষ কৰিছিল। আলফা নেতৃত্বই নিজেই তেওঁলোকৰ গৃহত থাকি সেই পৰিস্থিতিৰ উমান পাইছিল।

সেয়েহে আলফাৰ নেতৃত্বই উপলব্ধি কৰিছিল কোচ ৰাজবংশী লোকসকলৰ মৰ্মবেদনা। এই মৰ্মবেদনা উপলব্ধি কৰিয়েই পশ্চিমবংগৰ কোচ ৰাজবংশীলোকসকলৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আলফা নেতৃত্বই চিন্তা, চৰ্চা কৰি গঠন কৰিছিল কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ'।

আলফা নেতা তথা সেই সময়ৰ সাংগঠনিক সম্পাদক অশান্ত বাঘফুকনে এই ক্ষেত্ৰত লৈছিল অগ্ৰণী ভূমিকা। আনহাতে একালৰ আলফাৰ সদস্য তথা বৰ্তমান জীৱন সিংহৰ সতীৰ্থ দেৱজিত নাৰায়ণ দেৱেও কে এল অ' গঠনত গ্ৰহণ কৰিছিল মুখ্য ভূমিকা।

আলফাৰ কেন্দ্ৰীয় সমিতিয়ে অনুমোদন জনাইছিল কে এল অ' গঠনত। ২০০১ চনত আলফা আৰু কে এল অ'ৰ মাজত ভূটানত আলফাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত এক চুক্তিও স্বাক্ষৰিত হৈছিল।

এই চুক্তিত আছিল আলফা আৰু কে এল অ'য়ে ঐক্যবদ্ধ ভাৱে কাম কৰা, কে এল অ'ৰ কেডাৰক প্ৰশিক্ষণ দিয়া, আৰ্থিক ভাৱে যৌথ কাৰ্যসূচী গ্ৰহণ কৰা আদি বিষয়সমূহ। ৰাজনৈতিক বিষয়ৰ অংশ হিচাপে চুক্তিত আছিল কে এল অ'ৰ কৰ্মক্ষেত্ৰ।

আলফাই কে এল অ'ৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণ কৰিদিছিল পশ্চিমবংগ। এই বিষয়েও চুক্তিৰ মাধ্যমত বুজাপৰা হৈছিল। চুক্তি অনুসৰি আলফাৰ কৰ্মক্ষেত্ৰ অসম আৰু কে এল অ'ৰ কৰ্মক্ষেত্ৰ পশ্চিমবংগ নিৰ্ধাৰণ কৰা হৈছিল।

সেই চুক্তিত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু কে এল অ'ৰ মুৰব্বী জীৱন সিংহই স্বাক্ষৰ কৰিছিল। পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ মাজতে এই সমগ্ৰ বিষয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আলফাৰ সম্পাদক অনুপ চেতিয়াই।

তেওঁ জীৱন সিং মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে আদৰণি জনাইছে। ভাৰত চৰকাৰ আৰু জীৱন সিংহৰ মাজত অনুষ্ঠিত হোৱা শান্তি আলোচনাৰ মাজত বিশেষকৈ পশ্চিমবংগত বাস কৰা কোচ ৰাজবংশী লোকসকলৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

কেৱল সেয়াই নহয়, বাংলাদেশ, নেপালতো বহু সংখ্যক কোচ ৰাজবংশীয় লোকে দ্বিতীয় আৰু তৃতীয়শ্ৰেণীৰ নাগৰিক হিচাপে বাস কৰি অহাৰ কথা উল্লেখ কৰি অনুপ চেতিয়াই তেওঁলোকৰ জীৱন আৰু অধিকাৰ সুৰক্ষাৰ দিশটোক আলোচনাত গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে। অৱশ্যে অসমত বাস কৰি থকা কোচৰাজবংশী লোকসকলে সন্মানজনক ভাৱে বাস কৰাৰ লগতে সকলো সুবিধা লাভ কৰিছে বুলিও মন্তব্য কৰিছে।

ইফালে পৃথক কমতাপুৰ ৰাজ্য গঠন প্ৰসংগত অনুপ চেতিয়াই কয়, পৃথক কমতাপুৰ ৰাজ্য গঠন কৰিবলৈ হ'লে বাংলাদেশ, পশ্চিমবংগ, বিহাৰ, নেপাল আৰু অসমৰ একোটাকৈ অংশ ল'ব লাগিব। কোচৰাজবংশী অধ্যুসিক অঞ্চল বুলি ক'লে নেপাল, বাংলাদেশ, বিহাৰ, অসম, পশ্চিমবংগ সামৰি এটা বৃহৎ অঞ্চল।

গতিকে তেওঁলোকে যদি পৃথক কমতাপুৰ ৰাজ্য গঠনত এই দুখন বিদেশী ৰাষ্ট্ৰক সামৰি ল'ব পাৰে তেনে ভাল কথা। অসমৰ এটা অংশ লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে। এই পৰ্যন্ত অসম, ভাৰত চৰকাৰো কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গতিকে সময়লৈ অপেক্ষা কৰি আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in