/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8d2f78bf-293b-424c-8ea7-c17de72b9806/bvfcl.jpg)
বি ভি এফ চি এলৰ নৱ সংযোজন
ডিজিটেল সংবাদ, নামৰূপঃ এক সুদূৰ প্ৰসাৰী পৰিকল্পনাৰে পৰ্যায়ক্ৰমে নামৰূপ সাৰ কাৰখানাক লাভজনক উদ্যোগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে বি ভি এফ চি এলক কেৱল ইউৰীয়া উৎপাদনতে সীমাবদ্ধ নাৰাখি বিভিন্ন জৈৱিক সাৰ,চিভিল চুপাৰ ফছফেট, এন পি কে , নেন' ইউৰীয়া আদি বিভিন্ন উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি নিজৰ উৎপাদিত সামগ্ৰীৰ ভঁৰালটো চহকী কৰিলবলৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে বি ভি এফ চি এলে ।
তাৰ পৰিপেক্ষিততে বৃহস্পতিবাৰে বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে বছৰি তিনি হেজাৰ মেট্ৰিক টন উৎপাদন ক্ষমতাসম্পন্ন এন পি কে প্লাণ্টৰ শুভ উদ্বোধন কৰে। বৰ্তমানৰ চৌহদৰ ভিতৰতে সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে নতুন প্ৰকল্পটোৰ শুভ উদ্বোধন কৰি অধ্যক্ষ মহান্তিয়ে কয় যে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড ভাৰতৰ প্ৰাকৃতিক গেছৰ পৰা ইউৰিয়া উৎপাদনৰ কৰা অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4ceb0dde-8ec7-43e1-ad19-1ff0aa59d0d7/da504541_4286_4a1e_96a2_120e6dfedbf3.jpg)
বৰ্তমান কেৱল নামৰূপ-তৃতীয় গোটৰ প্লাণ্টটোৱেই চলি আছে। লক্ষণীয় যে ২০২১ বৰ্ষৰ অক্টোবৰ মাহত বি ভি এফ চি এলৰ চি এম ডি হিচাপে দায়িত্ব লোৱা ড0 শিৱ প্ৰসাদ মহান্তিয়ে নিযুক্তি পোৱাৰ লগে লগে মৃত্যুৰ দিশে গতি কৰা বিভিএফচিএলক জীয়াই ৰাখিবলৈ অৰ্থনৈতিকভাৱে স্বচ্ছল কৰি তুলিবলৈ,আৰু নিজৰ সামগ্ৰীৰ টোপোলা বহল কৰাৰ উদ্যোগ গ্ৰহণ কৰি গৈছে। আজি উদ্বোধন কৰা প্ৰকল্পটোৰ সন্দৰ্ভত মহান্তিয়ে কয়এন পি কে হৈছে এক ৰাসায়নিক সাৰ য’ত উদ্ভিদৰ বাবে আটাইতকৈ প্ৰয়োজনীয় মৌল এন (নাইট্ৰজেন) পি (ফছফৰাছ) কে (পটাছিয়াম)ৰ মিশ্ৰণ থাকে। এই সাৰ ব্যৱহাৰৰ ফলত উদ্ভিদৰ সম্পূৰ্ণ বিকাশ ঘটে।
এন পি কে ১৯:১৯:১৯ হৈছে পানীত দ্ৰৱীভূত সাৰ যিয়ে মাটিত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়ামৰ দৰে পুষ্টিকৰ পদাৰ্থ সমান অনুপাতে (নাইট্ৰজেন ১৯%, ফছফৰাছ ১৯% আৰু পটাছিয়াম ১৯%) অৰিহণা যোগায়। নাইট্ৰজেন পাতৰ বিকাশৰ বাবে ভাল, ফছফৰছে ফল বা ফুলৰ উৎপাদনৰ লগতে শিপাৰ বিকাশৰ উন্নতি সাধন কৰে আৰু পটাছিয়াম সামগ্ৰিকভাৱে উদ্ভিদৰ স্বাস্থ্যৰ বাবে অতি উত্তম।
ইয়াক পাতত স্প্ৰে’ কৰি উদ্ভিদ ব্যৱস্থাত প্ৰজনন আৰু উদ্ভিদ কাৰ্য্যকলাপ উন্নত কৰাত সহায় কৰে, উচ্চমানৰ উৎপাদন নিশ্চিত কৰে আৰু শস্য সময়মতে পকোৱাত সহায় কৰে। তেওঁ কয় যে এবছৰৰ ভিতৰত এন পি কে ১৯:১৯:১৯ প্লাণ্ট স্থাপন কৰাৰ লক্ষ্যৰে বি ভি এফ চি এলৰ বিষয়াসকলে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এনপিকে সাৰ, অসামৰিক নিৰ্মাণ, ৰাসায়নিক পদাৰ্থ আৰু সঁজুলি ক্ৰয়ৰ অধ্যয়নৰ সৈতে জড়িত কাম আৰম্ভ কৰে। মুক্তা এন পি কে নামেৰে ব্যৱসায় বাবে সাজু কৰা এই বিধ সাৰৰ বিপননৰ বাবে বি ভি এফ চি এলৰ বিপনন বিভাগে এটা দল সাজু কৰি তুলিছে বুলিও অধ্যক্ষ গৰাকীয়ে বক্তব্যত কয়।
প্ৰতিদিনে ১০.০০ মেট্ৰিক টন পৰ্যন্ত উৎপাদন কৰিব পৰা এই উদ্যোগটো উৎপাদন প্ৰক্ৰিয়া চলাবলৈ প্ৰকল্প পৰিচালনাৰ লগতে ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় মানৱশক্তি বিভিএফচিএলৰ অন্যান্য বৰ্তমানৰ ইউনিটৰ পৰা পুনৰ নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিয়ে । লগতে বছৰি ৫০ কোটিৰ অধিক টাৰ্ন অভাৰ লাভ কৰিব বি ভি এফ চি এলে বুলিও মন্তব্য কৰে ডঃ মহান্তিয়ে।
আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বি ভি এফ চি এল ওৱৰকাৰ্ছ ইউনিয়নৰ সভাপতি বৈকুণ্ঠ ঠাকুৰীয়াই কয় যে ই বি ভি এফ চি এলৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ। সভাপতি ঠাকুৰীয়াই চি এম দি মহান্তিৰ প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰি কয় যে উদ্যোগ তোলৈ বহু চি এম ডি আহিল আৰু গল কিন্তু কোনোৱে এনে পদক্ষেপ নল'লে ।
তেওঁ কয় যে এই প্ৰকল্পই বি ভি এফ চি এল ক অৰ্থনৈতিক ভাৱে সহায় কৰিব । সমান্তৰাল ভাৱে বি ভি এফ চি এলৰে চতুৰ্থ গোট স্থাপনৰে বিষয়টোত ও অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ইউনিয়নৰ সভাপতিগৰাকীয়ে।
আৰু পঢ়কঃ গুণোৎসৱঃ ছাত্ৰ-শিক্ষকৰে মত-বিনিময় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ