অৰুণাচলৰ টিৰাপত আটক ২ আলফা কেডাৰ...

অৰুণাচলৰ টিৰাপত আটক ২ আলফা কেডাৰ...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ অসম ৰাইফলছে শনিবাৰে অৰুণাচলৰ প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাত দুজন আলফা(স্বাঃ)ৰ কেডাৰক আটক কৰিছে। ১৫ আগষ্টৰ পূৰ্বে কুটাঘাতত কৰাৰ উদেশ্য ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত প্ৰৱেশ কৰাৰ তথ্য অসম ৰাইফলছে লাভ কৰি উগ্ৰপন্থী বিৰুদ্ধে অভিযান চলাই আটক কৰে কেডাৰ কেইজনক।

আটকাধীন কেডাৰ কেইজন হ'ল ৰিতুৰাজ গোহাঁই ওৰফে পুলিন অসম আৰু মন্টু নেওগ ওৰফে মইনা অসম। আলফা স্বাধীন অসম কেডাৰকেইজন তিনিচুকীয়া জিলাৰ গুইজান আৰু মাকুমৰ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি দুয়োজন আলফা স্বাধীনৰ কেডাৰে ২০২২ চনত আলফা স্বাধীনত যুগদান কৰিছিল। উল্লেখ্য অসম ৰাইফলছে দুই কেডাৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

অৰুণাচলৰ টিৰাপত আটক ২ আলফা কেডাৰ...
বৰগীতৰ সাধক উপেন বৰগায়নৰ কণ্ঠত বৰগীতৰ শুভ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in