বৰগীতৰ সাধক উপেন বৰগায়নৰ কণ্ঠত বৰগীতৰ শুভ উন্মোচন...

বৰগীতৰ সাধক উপেন বৰগায়নৰ কণ্ঠত বৰগীতৰ শুভ উন্মোচন...

ডিজিটেল ডেস্কঃ শনিবাৰে বৰগীতৰ সাধক উপেন বৰগায়নৰ বৰগীতৰ শুভ উন্মোচন কৰা হয়। বৰগীতটিৰ উত্তৰ কমলাবাৰী সত্ৰৰ ৰংগমঞ্চত শুভ উন্মোচন কৰিলে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি বৰগীত। এই কালজয়ী সৃষ্টি উত্তৰ কমলাবাৰী সত্ৰই সুদীৰ্ঘ দিনে ঐকান্তিক দায়বদ্ধতা আৰু কৃচ্ছসাধনাৰে সত্ৰীয়া সংস্কৃতিৰ অমূল্য উপাদানসমূহ গুৰু-শিষ্য পৰম্পৰা আৰু ধাৰাবাহিক চৰ্চাৰে নিভাঁজ ৰূপত ধৰি ৰাখিছে।

মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰে বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক অধ্যাপক উপেন বৰা ৰবগায়নৰ কণ্ঠত কমলাবৰীয়া থুলৰ আৰ্হিৰে পুৱাৰ ভাগৰ চলনৰ এটি বৰগীত "চলৰে চল বন্ধু উদ্ধৱ হে"ৰ শুভ উন্মোচন কৰাটোও সংস্কৃতি ৰক্ষাৰ উদাহৰণ। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত উপেন বৰগায়নৰ অনবদ্য অৱদানৰ উচ্চ প্ৰশংসা কৰাৰ লগতে কমলাবাৰী থুলৰ এই বৰগীতে অধিক সমাদৰ লাভ কৰাতো নিশ্চিত বুলি বক্তব্য আগবঢ়াই উপস্থিত বিশিষ্টই। কমলাবাৰী সত্ৰৰ উদাসীন বৈষ্ণৱসকলৰ সংস্কৃতিৰ সাধনাৰ কথা উল্লেখ কৰি বহুকেইজন প্ৰয়াত শিল্পীৰ নাম উল্লেখ কৰি তেৰাসকলৰ প্ৰতিভাৰ কথাও অনুষ্ঠানত বক্তাই উল্লেখ কৰে।

উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে আতঁ ধৰা সভাখনত বন্তি প্ৰজ্বলক হিচাবে উপস্থিত থাকে অধ্যাপক নন্দেশ্বৰ বৰবায়ন আৰু কৃষ্ঠি সংঘৰ সভাপতি অধ্যাপক মনিৰাম বৰগায়ন। সভাৰ উদ্বোধক হিচাবে উপস্থিত থাকে নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বৰা বুঢ়াভকত, মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দেৱ ৰজক, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ সাধক ভবেন বৰবায়ন, শিল্পী উপেন বৰগায়নৰ পিতৃ মথুৰা বৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্যে কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰা আদি বহুকেইজন গণ্য-মাণ্য ব্যক্তিও উপস্থিত থাকে।

সভাখনি উদ্বোধনত প্ৰভাত বৰা বুঢ়াকতে সত্ৰত পুৱাৰে পৰা সন্ধিয়ালৈকে চৈধ্য প্ৰংসগত বৰগীত কেনেদৰে পৰম্পৰাগত ভাবে পৰিবেশন হৈ আহিছে ইয়াৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে শিল্পী উপেন বৰগায়নৰ সুমধুৰ কণ্ঠত এই বৰগীত ভাগিয়ে অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰে। সভাত ৰাজহ চক্ৰ বিষয়া জয়দেৱ ৰজক আৰু নন্দেশ্বৰ বৰবায়নেও বক্তব্য প্ৰদান কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্যে কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰাই উল্লেখ কৰে যে, ১৯৬৫ চনতে প্ৰয়াত খগেশ্বৰ বৰগায়ন চেনীৰাম বৰবায়ন আতৈৰ বহুতো বৰগীত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বানীবদ্ধ কৰিছিল যদিও কি কাৰণত সেয়া মছি পেলোৱা হ'ল সেয়া অতি ৰহস্যজনক বুলি তাপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

শেষত শিল্পী উপেন বৰগায়নে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৰগীত ভাগি আদৰি লবলৈ সকলোলৈকে আহ্বান জনায়। উক্ত সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অয়োজন কৰা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰা দুইশতাধিক ছাত্র-ছাত্ৰী অভিভাৱকো উপস্থিত থাকে।

বৰগীতৰ সাধক উপেন বৰগায়নৰ কণ্ঠত বৰগীতৰ শুভ উন্মোচন...
উত্তাল নামৰূপঃ চৰকাৰৰ হঠকাৰী সিদ্ধান্তত সৰৱ জাতীয় সংগঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in