১১ আগষ্টত অজাপত যোগদান কৰিব আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে !

১১ আগষ্টত অজাপত যোগদান কৰিব আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে !

author-image
Asomiya Pratidin
New Update
১১ আগষ্টত অজাপত যোগদান কৰিব আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে !

১১ আগষ্টত অজাপত যোগদান কৰিব আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে !

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সলনি হোৱাৰ দিশে উজনি অসমৰ ৰাজনীতি। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদ্য অব্যাহতি লোৱা শক্তিশালী নেতা তথা সংগঠনটোৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে শীঘ্ৰেই যোগদান কৰিব পাৰে ৰাজনীতিত।

Advertisment

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি উজনি অসমত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা উদ্দীপজ্যোতি গগৈয়ে আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে। অসম জাতীয় পৰিষদৰ সভাপতি তথা একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ সৈতে উদ্দীপজ্যোতি গগৈৰ আছে সুসম্পৰ্ক।

এই দুই নেতাই কা আন্দোলনৰ লগতে বিভিন্ন কাৰ্যসূচীত একেলগে সংগঠনটোক নেতৃত্ব দি আগোৱাই নিছিল। খবৰ অনুসৰি একালৰ সতীৰ্থ লুৰিণ জ্যোতি গগৈৰ উপস্থিতিতে অহা ১১ আগষ্টত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিব উদ্দীপজ্যোতি গগৈয়ে।

গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই যোগদান কাৰ্যসূচীত উদ্দীপজ্যোতিৰ উপৰিও প্ৰায় ১০০০ লোকে একেলগে দলটোত যোগদান কৰিব। ইফালে উদ্দীপজ্যোতি গগৈৰ ৰাজনীতিত যোগদানৰ খবৰে বহু ৰাজনৈতিক দলৰ সমীকৰণত খেলিমেলি লগাইছে।

কিয়নো উদ্দীপজ্যোতি গগৈৰ উজনি অসমত আছে যথেষ্ট প্ৰভাৱ। সেয়ে তেওঁক যদিহে ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে যোৰহাট লোকসভা সমষ্টিত প্ৰক্ষেপ কৰে তেন্তে বহু ৰাজনৈতিক দলৰ অংকত যে আওল লাগিব সেয়া প্ৰায় নিশ্চিত।

Also Read: সীমান্তৰ গঞাৰ লগতে পশু-পক্ষী, জীৱ-জন্তুক নিৰ্মম অত্যাচাৰ নগাৰ...

সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয় পৰিষদ উদ্দীপজ্যোতি গগৈ