সীমান্তৰ গঞাৰ লগতে পশু-পক্ষী, জীৱ-জন্তুক নিৰ্মম অত্যাচাৰ নগাৰ...

সীমান্তৰ গঞাৰ লগতে পশু-পক্ষী, জীৱ-জন্তুক নিৰ্মম অত্যাচাৰ নগাৰ...
সীমান্তৰ গঞাৰ লগতে পশু-পক্ষী, জীৱ-জন্তুক নিৰ্মম অত্যাচাৰ নগাৰ...

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানী সীমান্তত কেৱল ভূমিৰ আগ্ৰাসনতেই ক্ষান্ত থকা নাই নগা। সীমান্তৰ অসমীয়া গাঁৱত অনাধিকাৰ প্ৰৱেশ কৰি নগা দুৰ্বৃত্তই হত্যা কৰিছে পশু-পক্ষী। ইফালে পোহনীয়া কুকুৰকো অতি নিৰ্মমভাৱে বান্ধি নিবলৈও কুণ্ঠাবোধ কৰা নাই নগাই।

মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ সন্ত্ৰাস। অসমৰ মাটিত গাঁৱে ভূঁঞে এতিয়া হাতত মাৰণাস্ত্ৰ লৈ বীৰদৰ্পে ঘূৰি ফুৰে নগা দুৰ্বত্ত। মেৰাপানী সীমান্তৰ তৰাণি অঞ্চলৰ এখন গাঁৱত নিজা বাহনেৰে হাতত এয়াৰগান লৈ পক্ষী বধ কৰাত নামি পৰিছে দুটা নগা দুৰ্বৃত্ত।

হাতত থকা বন্দুকেৰে এটা পক্ষী নিধন কৰাৰ পাছত স্থানীয় এজন যুৱকে প্ৰত্যক্ষ কৰি মোবাইলেৰে ভিডিঅ' কৰাৰ পাছতেই টকা দি হ'লেও পলাই যোৱাৰ চেষ্টা কৰে। যুৱকজনে টকা ল'বলৈ অম্নান্তি হৈ কিয় অসমত আহি পক্ষী বধ কৰিছে বুলি প্ৰশ্ন কৰি চুবুৰীয়াক চিঞৰ বাখৰ কৰাতেই দুৰ্বৃত্তৰ দলটোৱে গাড়ীত উঠি পলায়ণ কৰে।

আনফালে তৰাণি অঞ্চলতে দুগৰাকীকৈ নগা মহিলাই কেইবাটাও কুকুৰৰ ঠেং, মুখ বান্ধি বস্তাত ভৰাই অতি নিৰ্দয়ভাৱে ভক্ষণৰ বাবে নাগালেণ্ডলৈ সৰবৰাহৰ চেষ্টা কৰোতেই স্থানীয় লোকে কৰায়ত্ত কৰে। নগা মহিলা দুগৰাকীয়ে অন্নপূৰ্ণা গাঁৱৰ পৰা খাবৰ বাবে কিনি অনা বুলি স্বীকাৰ কৰে যদিও চুতীয়া ছাত্ৰ সন্থাৰ কেইবাজনো কৰ্মীয়ে কুকুৰ কেইটা মুকলি কৰি দিয়ে।

সম্প্ৰতি মেৰাপানী সীমান্ত অঞ্চলটোত নগাই কেতবোৰ অপকৰ্ম, সন্ত্ৰাস চলাই অহাৰ পাছতো সীমান্তত নিয়োজিত চি আৰ পি এফ অথবা মেৰাপানী আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাই চিন্তিত কৰি তুলিছে সীমান্তবাসী জনসাধাৰণক।

সীমান্তৰ গঞাৰ লগতে পশু-পক্ষী, জীৱ-জন্তুক নিৰ্মম অত্যাচাৰ নগাৰ...
চাপৰ-শালকোচা শিক্ষা খণ্ডত চৰকাৰী ধন হৰলুকিৰ চেষ্টা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in