ধেমাজিত চাৰি গৰু চোৰ আটকঃ দুমাহতে চোৰ হ'ল ২০০ ৰো অধিক গোধন...

গৰু চুৰিত ব্যৱহাৰ কৰিছে নাবালককো

author-image
Asomiya Pratidin
New Update
ধেমাজিত চাৰি গৰু চোৰ আটকঃ দুমাহতে চোৰ হ'ল ২০০ ৰো অধিক গোধন...

ধেমাজিত চাৰি গৰু চোৰ আটকঃ দুমাহতে চোৰ হ'ল ২০০ ৰো অধিক গোধন...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ বিভিন্ন অঞ্চলত গৰু চোৰৰ উপদ্ৰৱত টোপনি হৰিছে গাওঁবাসীৰ৷ এটা, দুটা নহয় যোৱা দুই-তিনি মাহত ধেমাজিৰ বিভিন্ন অঞ্চলত প্ৰায় দুই শতাধিক গোধন চুৰি হৈছে। এনে পৰিস্থিতিত গৰু চুৰিৰ এই চক্ৰটোৱে ধেমাজিত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

Advertisment

উল্লেখ্য যে, এই গৰু চুৰি চক্ৰটোৱে নাবালক কিশোৰকো গোটখা সেৱনৰ বাবে কেই পইচামান হাতত তুলি দিও গৰু চুৰিৰ দৰে দুষ্কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ উঠিছে। শুকুৰবাৰে চাৰিটাকৈ গৰু চোৰক আৰক্ষীয়ে আটক কৰাৰ পাছতে এই বিষয়ে বহু তথ্য পোহৰলৈ আহিছে।

ইফালে চাৰি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে এজনৰ পিছত এজনকৈ বহু লোকে হাতত এজাহাৰ লৈ হেৰুৱা গৰু বিচাৰি ধেমাজি সদৰ আৰক্ষী থানাত ভিৰ কৰিছে। গৰু চোৰৰ এই চক্ৰটোৱে ধেমাজিৰ বঙালমাৰী, মাটিখোলা, বটুৱা, ফাটিহা, জামুকনি, তেলিজান, দক্ষিন ধেমাজিকে ধৰি গাওঁকেইখনৰ কৃষি প্ৰধান অঞ্চলৰ পৰা বিগত দুই-তিনি মাহতেই দুই শতাধিক বলধ গৰু চুৰি কৰি ঢকুৱাখানা টেকেলাফুটা হৈ বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰাৰ খবৰ লাভ আছিল যদিও এই সন্দৰ্ভত কোনো প্ৰকৃত তথ্য নাছিল।

কিন্তু বৃহস্পতিবাৰে নিশা বলেৰ' পিক আপ ভানত চাৰি চোৰে গৰু লৈ উধাও হওঁতেই ৰাইজে হাতে লোটে ধৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। বঙালমাৰী স্থানীয় ৰাইজে চাৰি চোৰক ধৰি নিশাই ধেমাজি আৰক্ষীৰ হাতত চমজাই দিয়ে ৷

জানিব পৰা মতে পথাৰত চৰি থকা গৰু চোৰে খেদি তেওঁলোকৰ নিৰ্দেষ্ট বাহন থোৱা স্থানলৈ লৈ যায়। তাৰ পিছত সেই বাহনত তুলি উধাও হয়। বৃহস্পতিবাৰেও সেয়াই কৰিছিল এই চোৰৰ দলটোৱে।

তেওঁলোকে পথাৰৰ গৰু খেদি নি নিৰ্দিষ্ট স্থানত থোৱা এ এছ ২২ চি ২৯৭২ নম্বৰৰ বলেৰ' পিক আপ ভানখনৰ কাষলৈ গৰু লৈ গৈ গাড়ীখনত তুলি লয়। ইয়াৰ পিছতেই নিশা তেওঁলোকক স্থানীয় ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

এই চোৰ কেইটা ক্ৰমে তৰুন দলে (৪১), তীৰ্থনাথ কাৰ্দং (২৬), পুলকেশ পেগু(২৫) আৰু পবিত্ৰ চিন্তে(১৯)। স্থানীয় ৰাইজৰ মতে এই চাৰিটা চোৰক ভালকৈ সোধপোছ কৰিলেই সমগ্ৰ গৰু চুৰি চক্ৰটোৰ বিষয়ে সবিশেষ তথ্য পোহৰলৈ আহিব।

Also Read: দিল্লীত কানহায়া কুমাৰৰ ওপৰত শাৰীৰিক আক্ৰমণঃ বিজেপি সাংসদ মনোজ তিৱাৰীলৈ অভিযোগৰ আঙুলি...

গৰু চোৰ