/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0044f65d-9abe-438f-9e25-47b7f99895b0/tyy.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ মাজবাটত ৰেল পথ অবৰোধ। দূৰনিবটীয়া ৰেল মাজবাট ষ্টেচনত ৰখোৱাৰ দাবীত এই ৰেলপথ কাৰ্যসূচীৰ ৰূপায়ন কৰে।
শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে শতাব্দী এক্সপ্ৰেছ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে ৰে'ল ষ্টেচন। মাজবাট ষ্টেচনত দূৰনিবটীয়া ৰেল ৰখোৱাৰ দাবী উত্থাপন কৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।
ইফালে ৰে'ল অৱৰোধৰ ৩ ঘন্টা হোৱাৰ পূৰ্বেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হয়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক প্ৰতিবাদ স্থলীৰ পৰা ছত্ৰভংগ দিয়ে।ইফালে প্ৰতিবাদকাৰী সকলে দাবী সমূহ মানি নল'লে আগন্তুক দিনত পুনৰাই ৰে'ল অৱৰোধৰ দৰে কাৰ্যসূচী হাতত লোৱা হব বুলি বিভাগক অৱগত কৰি দিয়ে ।
Also Read: ৰন্ধন গেছৰ চোৰাং বেহা, ধেমাজিত প্ৰতিবাদ