/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ed226537-72c0-48bf-899f-9bf6ec7e3cd4/yuuu.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ৰন্ধন গেছৰ চোৰাং বেহা। ধেমাজি জিলা প্ৰশাসনৰ মৌনতাক লৈ সৰৱ দল সংগঠন ৷ শুকুৰবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও চাৰিআলিত ৰন্ধন গেছৰ চোৰাং বেহা বন্ধৰ দাবীত জিলা প্ৰশাসনৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷
বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী৷ দীৰ্ঘদিন ধৰি চিলাপথাৰ চিচিবৰগাঁও, গেলুৱা আৰু মেচাকি অঞ্চলত একাংশ অসাধু ব্যবসায়ীয়ে ৰন্ধন গেছৰ চোৰাং বেহা ৰমৰমীয়াকৈ চলাই গৈছে ৷ অথচ কঠোৰ স্থিতি নলৈ নৰম স্থিতি গ্ৰহন কৰিছে প্ৰশাসনে।
জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ইয়াৰ লগত জড়িত ব্যক্তি সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে পুত্তলিকা দাহ কৰি পুনৰবাৰ প্ৰশাসনক সময়সীমা বান্ধি দিয়ে অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
Also Read: ৰক্ষক নে ভক্ষক! তথ্য লাভ, কিশোৰী নিৰ্যাতনৰ ঘটনাত জড়িত লম্পট বিমান ৰয়...