ওদালগুৰিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী পালন...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীৰ সৈতে সংগতি ৰাখি মঙ্গলবাৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্যালয়ৰ উদ্যোগত এক সজাগতা সমদল উলিওৱা হয়
ওদালগুৰিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী পালন...

ডিজিটেল সংবাদ, ওদালগুৰি: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীৰ সৈতে সংগতি ৰাখি মঙ্গলবাৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্যালয়ৰ উদ্যোগত এক সজাগতা সমদল উলিওৱা হয়। পুৱা প্ৰায় ৮-৩০ বজাত ওদালগুৰি চহৰৰ মাজমজিয়াৰ শ্বহীদ বেদীত এই সমদলৰ শুভাৰম্ভ কৰে জিলা আৰু সত্ৰ ন্যায়ধীশ মহেন্দ্ৰ কলিতাই।

সমদলটিয়ে ওদালগুৰি চহৰৰ মাজেৰে গৈ ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ চৌহদত শুভাযাত্ৰা কাৰ্যসূচীৰ অন্ত পেলায়। সমদলত ওদালগুৰিৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীৰ সৈতে সংগতি ৰাখি বাহিৰ কৰা এই সমদলত সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত ন্যায় সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। সমদলত অংশগ্ৰহণকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লোৱাৰ লগতে ন্যায় সম্পৰ্কে শ্লোগান প্ৰদান কৰে।

আনহাতে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰঞ্জিতা আগৰৱালাই উক্ত সমদলটি সাফল্যমণ্ডিত কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগৰ লগতে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

ওদালগুৰিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী পালন...
২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ ভাৰত-আমেৰিকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in