ওদালগুৰিৰ মনপুৰত ৩০০ দৰা-ক‌ইনাৰ সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান...

ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্যা হান্স ফাউণ্ডেশ্যনৰ সহযোগত আজি অনুষ্ঠিত হয় এই অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ওদালগুৰিৰ মনপুৰত ৩০০ দৰা-ক‌ইনাৰ সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান...

udalguri

ডিজিটেল সংবাদ, ওদালগুৰি : বৃহস্পতিবাৰে ওদালগুৰি চহৰৰ নিকটৱৰ্তী মনপুৰ খেলপথাৰত উলহ-মালহ পৰিৱেশৰ মাজেৰে সম্পন্ন হৈ যায় সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান। উক্ত বিবাহ অনুষ্ঠানত হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ ৰীতি-নীতিৰ মাজেৰে প্ৰায় ৩০০ খন বিবাহ সম্পন্ন হৈ যায়।

Advertisment

ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্যা হান্স ফাউণ্ডেশ্যনৰ সহযোগত আজি অনুষ্ঠিত হৈ যায় এই অনুষ্ঠান। হিন্দু ধৰ্মৰ অসমীয়া পৰম্পৰাগত, বাথৌ, নেপালী, ৰাভা, চাওতালীকে ধৰি কেইৱাটাও জনগোষ্ঠীৰ দৰা-ক‌ইনাই নিজৰ পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, হোমৰ জুইক সাক্ষী কৰি অধিকাংশ‌ই নিজৰ বিবাহ সম্পন্ন কৰে।

বিশেষকৈ দৰিদ্ৰতাৰ প্ৰভাৱ তথা বিভিন্ন কাৰণ বশত যিসকল লোকে আনুষ্ঠানিকভাৱে বিবাহ সম্পন কৰিব পৰা নাছিল, তেনে লোকৰ সুবিধাৰ্থে সংগঠন দুটাই আজি এই সামূহিক বিবাহ সংস্কাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। কেৱল সাধাৰণভাৱে বিবাহেই নহয় আজিৰ এই সামূহিক বিবাহ অনুষ্ঠানত বেণ্ডপাৰ্টী, সুস্বাদু ব্যঞ্জনৰ লগতে সন্মুখভাগত ছেলফি প‌ইণ্টৰো ব্যৱস্থা কৰে উদ্যোক্তাই।

সম্পূৰ্ণ জাকজমকতা আৰু উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন হোৱা এই বিবাহ অনুষ্ঠানত ৫৫ বছৰ বয়সৰো দৰাই অংশ‌ লয়। কেইবা সহস্ৰাধিক দৰ্শক তথা দৰা-ক‌ইনাৰ অভিভাৱকে এই সামূহিক বিবাহ অনুষ্ঠান প্ৰত্যক্ষ কৰে। আজি দিনৰ প্ৰায় ১২ বজাত অনুষ্ঠিত এই বিবাহ অনুষ্ঠান বিয়লি প্ৰায় ২.৩০ বজাত সামৰণি পৰে। উদ্যোক্তাসকলে প্ৰতিগৰাকী দৰা-ক‌ইনাক সাংসাৰিক জীৱনত প্ৰয়োজনীয় সামগ্ৰী উপহাৰ হিচাপেও প্ৰদান কৰা পৰিলক্ষিত হয়।

এই সন্দৰ্ভত সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানটিৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰবিৰাম বড়োৱে কয় যে "বিভিন্ন কাৰণত সাংসাৰিক জীৱন আৰম্ভ কৰাৰ সময়ত আনুষ্ঠানিকভাৱে মাংগলিক অনুষ্ঠানৰ মাজেৰে যিসকল লোকে নিজৰ বিবাহ কাৰ্য সম্পাদন কৰিব পৰা নাছিল, তেনে লোকৰ বাবে আজিৰ এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰ জৰিয়তে তেনে লোকে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হোৱাৰ সুযোগ লাভ কৰিলে। এইবাৰ আমি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ সামূহিক বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰিছো। আগন্তুক বৰ্ষবোৰত আমি পুনৰ এনে কাৰ্যসূচী হাতত লোৱাৰ প্ৰয়াস কৰিম।"

আজিৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত ডাঃ ছাদনেক সিঙৰ লগতে শীৰ্ষ আৰক্ষী বিষয়া, সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় উপ-সভাপতি মিনন মোছাহাৰী ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতি আৰু দ্যা হান্স ফাউণ্ডেশ্যনৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

আৰু পঢ়ক : আপৰ বাবেই কংগ্ৰেছ ডুবিল গুজৰাটত !

assam udalguri