
ডিজিটেল ডেস্কঃ হয়তো কিছু সময় পাছতেই ৰহস্য হ'ব ফাদিল। আৰক্ষীৰ গুলীত দুৰ্ধৰ্ষ অপৰাধী নে নিৰীহ খেতিয়কৰ মৃত্যু হৈছিল সেই ৰহস্য ওলাই পৰিব।ওদালগুৰিৰ আৰক্ষীৰ এনকাউণ্টাৰক বিভ্রান্তিৰ সৃষ্টি হোৱাৰ পাছতেই সোমবাৰে পানবাৰী পাচনৈৰ পাৰত উপস্থিত হয় আৰক্ষী।
ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত আজি খান্দি উলিওৱা হ’ব মৃতদেহ। উপস্থিত থাকিব দণ্ডাধীশ। কবৰৰ চাৰিদিনৰ পিছত খান্দি উলিওৱা হ'ব মৃতদেহটো।
উল্লেখ্য যে,যোৱা শুকুৰবাৰে আৰক্ষীৰ এনকাউণ্টাৰৰ পিছত নিহত লোকজনক দুধৰ্ষ ডকাইত কেনাৰাম বসুমাতাৰী বুলি ঘোষণা কৰাৰ লগতে কেনাৰামৰ পৰিয়ালেও মৃতদেহ চমজি লৈ শেষকৃত্য সমাপন কৰিছিল।
কিন্তু তাৰ এদিন পাছতেই সেই মৃতদেহ কেনাৰামৰ নাছিল বুলি দাবী উত্থাপন হৈছিল। তাৰ সলনি সেই মৃতদেহ খেতিয়ক ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ লগে লগে বহু প্ৰশ্ন আহি পৰিছিল।