ৰৌতা এনকাউন্টাৰঃ DNA পৰীক্ষাৰ পাছত ৰহস্য ফাদিল

অৱশেষত চিনাক্ত হল ৰৌতাত এনকাউণ্টাৰত নিহত লোকজনৰ প্ৰকৃত পৰিচয়। নিহত হোৱা জন ডিম্বেশ্বৰ মুছাহাৰী বুলি নিশ্চিত হৈছে।
ৰৌতা এনকাউন্টাৰঃ DNA পৰীক্ষাৰ পাছত ৰহস্য ফাদিল

ডিজিটেল ডেস্কঃ অৱশেষত চিনাক্ত হল ৰৌতাত এনকাউণ্টাৰত নিহত লোকজনৰ প্ৰকৃত পৰিচয়। নিহত হোৱা জন ডিম্বেশ্বৰ মুছাহাৰী বুলি নিশ্চিত হৈছে। DNA পৰীক্ষাৰ পিছতে এই কথা নিশ্চিত কৰিলে চিআইডিয়ে। তাৰপাছতে শনিবাৰে পৰিয়ালৰ হাতত গতাই দিলে ডিম্বেশ্বৰৰ মৃতদেহ। GMCHৰ মৰ্গৰ পৰা মৃতদেহ চমজি লয় ডিম্বেশ্বৰৰ পৰিয়ালে।

উল্লেখ্য যে, ২৪ ফেব্রুৱাৰীত ৰৌতাত সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা। তাৰ পাছতেই সৃষ্টি হৈছিল বিতৰ্কৰ।  আৰক্ষীয়ে ডকাইত কেনাৰাম বসুমতাৰী বুলি এনকাউন্টাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়া ডিম্বেশ্বৰ মুছাহাৰী বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল।

বহু বিতৰ্কৰ পাছত খান্দি উলিয়াইছিল নিহত জনৰ মৃতদেহ আৰু চিআইডিয়ে প্ৰেৰণ কৰিছিল ডিএনএ টেষ্টৰ বাবে। তাৰ পাছতেই ফাদিল হ'ল ৰহস্য। এনকাউন্টাৰত মৃত্যু হোৱা লোকজন দুৰ্ধৰ্ষ ডকাইত কেনাৰাম নহয়, ডিম্বেশ্বৰ মুছাহাৰীহে।

আনহাতে ডিম্বেশ্বৰ মুছাহাৰীও এজন অপৰাধীয়েই। পূৰ্বে অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল ডিম্বেশ্বৰ। দুধৰ্ষ ডকাইত কেনাৰামৰ সৈতেও ডিম্বেশ্বৰৰ সম্পৰ্ক আছে । দুয়ো একেটা গেঙৰে সদস্য।

২০২০ ত ৰঙিয়া আৰক্ষীয়ে পিষ্টল আৰু সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰিছিল ডিম্বেশ্বৰ মুছাহাৰীক। ৰঙিয়া থানাত ডিম্বেশ্বৰ মুছাহাৰীৰ বিৰুদ্ধে ৭৮৩/২০ নম্বৰত ৰুজু হৈছিল গোচৰ।

ৰৌতা এনকাউন্টাৰঃ DNA পৰীক্ষাৰ পাছত ৰহস্য ফাদিল
CBI ক জেপত ৰাখি শংকিত বিজেপিৰ ২০২৪ৰ ৰণনীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in