ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি...

সমগ্ৰ অসমৰ আগশাৰীৰ বিহুদলৰ অংশগ্ৰহণেৰে জীপাল হ'ল ওদালগুৰিত পৰিৱেশ...
ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি...

ডিজিটেল সংবাদ, ওদালগুৰি : বিগত বৰ্ষৰ দৰে এইবেলিও ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযােগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহখনি ২৮ এপ্ৰিলত সামৰণি পৰে।

এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহুখনৰ কাৰ্যসূচী অনুসৰি ২৮ এপ্ৰিলৰ পুৱা ১০ বজাত বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মিনন মােছাহাৰীয়ে, পুৱা ১০-১৫ বজাত স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ ৰাভাই। ইয়াৰ পাছতে আবেলি ৫ বজাৰ পৰা আৰম্ভ হয় সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযোগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ। উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে।

ইয়াৰ পাছতে প্ৰয়াত হনুমান প্ৰসাদ বাজাজ সোঁৱৰণী বিহুতলী উদ্বোধন কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। বিহুতলী উদ্বোধন কৰি প্ৰদান কৰা ভাষণ প্ৰসঙ্গত তেওঁ বিহু উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰি সন্মিলিত যুৱ সমাজকো ধন্যবাদ জ্ঞাপন কৰে। মঞ্চৰ বিপৰীতে এক মুকলি পথাৰত প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত এই বিহু প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰাৰ কথা উল্লেখ কৰে।

আগন্তুক দিনবোৰতো এনে ধৰণে বিহু উদযাপনৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অসমীয়া হিচাপে এই বিহুৰ পৰম্পৰা ধৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকি মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে এক সুন্দৰ পৰিৱেশৰ মাজত বিহুৰ আয়োজন কৰা সন্মিলিত যুৱ সমাজক ধন্যবাদ জনায়। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ ওদালগুৰি জিলাৰ মাজমজিয়াত এনে মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহৰ দ্বাৰা সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় হ'ব বুলি উল্লেখ কৰি সকলোকে এনে অনুষ্ঠানত সহযোগিতা আগবঢ়াবলৈ মত ব্যক্ত কৰে।

উল্লেখ্য যে, অনুষ্ঠিত হৈ যোৱা উক্ত মুকলি বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১৮ টাকৈ বিহু দলে অংশগ্ৰহণ কৰাৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিহু, বড়ো, কোঁচ, ৰাভা, মিচিং ইত্যাদি দলসমূহে অংশগ্ৰহণ কৰে। কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰে বিহুস্থলী। মুকলি বিহু প্ৰতিযোগিতাত বিচাৰকৰ বিচাৰৰ অন্তত শিৱসাগৰৰ জাজিপৰীয়া বিহু দলে প্ৰথম, গুৱাহাটীৰ মঘাই বিহু দলে দ্বিতীয় আৰু ফ্ৰেণ্ডশ্বিপ ক্লাৱ বিহুদল কলিয়াবৰে তৃতীয় স্থান দখল কৰে।

উক্ত বিহু অনুষ্ঠানত ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়ো, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, সমাজকৰ্মী বিকন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতােপন দাস আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক মুকুট দাসৰ লগতে দাতা সদস্য আৰু বিভিন্নজন বিশিষ্ট লোক।

ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি...
কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in