/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/agrani-batory.jpg)
UDALBAKRA
ডিজিটেল ডেস্ক : ওদালবাক্রাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অভিযান। এটা প্রৱঞ্চক চক্রৰ বিৰুদ্ধে এই অভিযান চলাই অনুসন্ধান শাখাই। Yes Money লোন সজাগতা কেম্পৰ নামত গ্রাহকক প্রৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে এটা চক্ৰৰ বিৰুদ্ধে।
উল্লেখ্য যে উপভোক্তাক বেংক একাউণ্ট খুলি লোন দিয়াৰ নামত প্রৱঞ্চনা চলাইছিল চক্ৰটোৱে। চক্রটোৱে ১ হাজাৰ টকাৰ বিনিময়ত একাউণ্ট খুলি দিছিল গ্রাহকক। ইতিমধ্যে অভিযানৰ অন্তত লোন সেৱা কেন্দ্রটোৰ পৰা দুজনক গ্রেপ্তাৰ কৰা হৈছে।
লোন সেৱা কেন্দ্রটোৰ চি.ই.অ' বনমালি হাজৰিকাক গ্রেপ্তাৰ। হাজৰিকাৰ দেহৰক্ষী আৰু একাউনটেণ্ট ৰজত দাসকো গ্রেপ্তাৰ। অভিয়ানত জব্দ দুটা ট্রাংকত বহু আপত্তিজনক নথি-পত্রসহ এটা চি.পি.ইউ।
আৰু পঢ়ক : বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনৰ স্বাস্থ্য অতি সংকটজনক...