বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনৰ স্বাস্থ্য অতি সংকটজনক...

বিশিষ্ট লেখক, বুদ্ধিজীৱী ড০ শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ। বিশিষ্ট সাহিত্যিক গৰাকীৰ চিকিৎসা চলি আছে নেমকেয়াৰ হাস্পতালত। ৩ ডিচেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি

author-image
Asomiya Pratidin
New Update
নৱগ্ৰহত আজি সম্পন্ন হ'ব বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মনৰ শেষকৃত্য

বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনৰ স্বাস্থ্য অতি সংকটজনক...

ডিজিটেল ডেস্ক : বিশিষ্ট লেখক, বুদ্ধিজীৱী ড০ শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ। বিশিষ্ট সাহিত্যিক গৰাকীৰ চিকিৎসা চলি আছে নেমকেয়াৰ হাস্পতালত। ৩ ডিচেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অসমীয়া সমাজ জীৱনলৈ বিশেষ অৰিহণা আছে এইগৰাকী বিশিষ্ট সাহিত্যিকৰ।

Advertisment

ড০ শিৱনাথ বৰ্মনৰ স্বাস্থ্য সন্দৰ্ভত নেমকেয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেখেতক চিকিৎসা কৰোৱা হৈছে। তেওঁৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই।

ড০ বৰ্মনৰ গুণগ্ৰাহীয়ে আশুআৰোগ্য কামনা কৰিছে। ইয়াৰ পূৰ্বে কিছুদিন আগতে গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ড০ বৰ্মন। মধুমেহকে ধৰি আন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত ড০ বৰ্মন।

আৰু পঢ়ক : উৰিয়াগাঁৱত সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা...

assam writer sivanath barman