/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/4d7675c5-8dbc-4921-a6f7-f8c979bb6858/161.jpg)
ডিজিটেল সংবাদ,চৰাইদেও : বেঙেনাবাৰী টিয়ক হাবি গাঁৱৰ দাউখা পথাৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত সংযুক্ত বড়ো গণ মঞ্চৰ দশম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ সফল সামৰণি পৰে। অন্তিম দিনটোৰ পুৱা ইউ বি পি অৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰাৰ পিছতে ছহিদ তৰ্পণ কৰে উপ সভাপতি বাদল মুছাহাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/eff36cb3-3cb9-4a67-a497-0c5db9cfe17e/422882561_951529036975257_386819285019542483_n.jpg)
দুপৰীয়া মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে। মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই সোণাৰি সমষ্টিৰ বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f9589ad6-1ed1-4b2f-b3ed-06ad7c6a336b/422932730_951528966975264_47869534455411600_n.jpg)
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা০ ৰনোজ পেগুয়ে দীঘলীয়া ভাষণ আগবঢ়াই কয়- এক-ডেৰ মাহৰ ভিতৰত চৰকাৰে বিটিআৰ চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ বাবে গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰিব আৰু এইবছৰতে ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5abc614a-8ba3-409d-b169-0e648f8eec9b/422890464_951528916975269_639353025929586030_n.jpg)
মুকলি সভাত অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা 'খৌচেথি' উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী প্ৰধ্যাপিকা ড৹ প্ৰতিমা ব্ৰহ্মই। সভাত আমন্ত্ৰিত অতিথি হিচাপে স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য বিনোদ বসুমতাৰী, প্ৰদীপ স্বৰ্গীয়াৰী,মথুৰা বসুমতাৰী,প্ৰণৱ বড়ো,মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ই এম মলেন্দ্ৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী,সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দিপক দে', সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/513ed31d-98e3-4f92-b5d1-058e91fbb43a/422891881_951529000308594_989823754572852480_n.jpg)
মুকলি সভাত বড়ো বাগুৰুম্বা,মিচিং,সোনোৱাল, গাৰো,আদিবাসী জনগোষ্ঠীৰ কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে স্বায়ত্ব পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্য প্ৰণৱ বড়োয়ে। সাংস্কৃতিক অনুষ্ঠানত অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
Also Read: ৰে'লৰ পৰা নামিবলৈ চেষ্টা কৰোতে কোকৰাঝাৰ মেডিকেল কলেজৰ নাৰ্ছৰ মৃত্যু