/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1a26885d-ddd7-4867-8535-a7e5de2cd2d2/160.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ ৰে'ল ষ্টেচনত মঙলবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ ৰে'ল আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰামতে আবেলি প্ৰায় ৪-০০ বজাত নিউ বঙাইগাওঁ ৰে'ল ষ্টেচনৰ পৰা এগৰাকী যুৱতী,এজন যুৱকৰ সৈতে নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত উঠি কোকৰাঝাৰলৈ বুলি যাত্ৰা কৰিছিল ৷ কিন্তু ৰে'লখন কোকৰাঝাৰ ৰে'ল ষ্টেচন আহি পোৱাত যুৱতীগৰাকী চলন্ত ৰে'লৰ পৰা জাপ মাৰি নামিবলৈ ধৰোতেই দুৰ্ভাগ্যজনকভাৱে ৰে'লত সোমাই পৰে আৰু পিছত চিকিৎসালয়লৈ নিয়াৰ পথত যুৱতীগৰাকীৰ কৰুণ মৃত্যু হয়।
ৰে'ল আৰক্ষীৰমতে, ৰে'লখন কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত ষ্টপেজ নথকা সত্বেও যুৱতীগৰাকী ৰে'লৰ পৰা জপিয়াইছিল । ইপিনে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ ডা০ অতুল চন্দ্ৰ বড়োৱে সদৰী কৰামতে মৃত যুৱতীগৰাকী শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ কমাৰ চুবুৰীৰ বাসিন্দা। কৰ্মসূত্ৰে তেওঁ কোকৰাঝাৰ মেডিকেল কলেজত নাৰ্ছ হিচাপে কৰ্মৰত আছিল ৷
তেনেদৰে কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে জানিবলেৈ দিয়া অনুসৰি কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত যুৱতীগৰাকী ভোগালী বিহুৰ পৰা ১৫ দিনৰ ছুটীত আছিল ৷ ১৫ দিনীয়া ছুটী ২৯ জানুৱাৰীত অন্ত পৰাত পুনৰ নিজৰ স্বাস্থ্যজনিত কাৰণত এমাহৰ ছুটীৰ আবেদন জনোৱাত কোকৰাঝাৰ মেডিকেল কলেজ কৰ্তৃপক্ষই ছুটী মঞ্জুৰ কৰে ৷
তাৰ পিছত আজি যুৱতী গৰাকী শোণিতপুৰৰ ৰাবাৰবাগানৰ বিশাল তাঁতি(২৩) নামৰ এগৰাকী যুৱকৰ সতে বঙাইগাঁৱলৈ বুলি ফুৰিবলৈ যায় ৷ বঙাইগাঁৱৰ পৰা ৰে'লেৰে ঘূৰি আহোতে অতি দুৰ্ভাগ্যজনকভাৱে আবেলি চলন্ত ৰে'লৰ পৰা কোকৰাঝাৰ ৰে'ল ষ্টেচনত নামিবলৈ বুলি জপিয়াওতেই মূৰত গুৰুতৰভাৱে আঘাত পোৱাত চিকিৎসালয়লৈ নিয়াৰ পথত কৰুণভাৱে মৃত্যুক সাৱটি লয় ৷ উক্ত ঘটনাটোৱে জিলাখনত শোকৰ ছাঁ পেলাইছে।
Also Read: শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠা দিৱস পালন