সৰুপথাৰত বৰপথাৰ সৰুপথাৰ সংযোগী দুইলেন যুক্ত পথৰ শুভাৰম্ভণী অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
সৰুপথাৰত বৰপথাৰ সৰুপথাৰ সংযোগী দুইলেন যুক্ত পথৰ শুভাৰম্ভণী অনুষ্ঠান...

ডিজিটেল সংবাদ, ৰুপহীহাট : বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী উন্নত পকী পথ নিৰ্মান আঁচনিৰ অধীনত বৰপথাৰ পৰা সৰুপথাৰ সংযোগী পথৰ পুনৰ নিৰ্মান প্ৰকল্পৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

Advertisment

সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ড কায্যলয়ৰ সন্মুখত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভুঞা, লোক নিৰ্মান বিভাগৰ সৰুপথাৰ উপ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া ছাজিদুৰ ৰহমান, গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তামাচা দাস, ধনশিৰি মহকুমাৰ নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকাৰ উপস্থিতিত প্ৰায় ১১ কোটি টকাৰে সাত মিটাৰ বহলকৈ পুনৰ নিৰ্মান হ'ব লগীয়া সৰুপথাৰ বৰপথাৰ সংযোগী পথটোৰ নিৰ্মানৰ শুভাৰম্ভণী কৰে ৷

শুভাৰম্ভনী অনুষ্ঠানত বিধায়ক গৰাকীয়ে নাৰিকল ভাঙি পথটোৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ দীৰ্ঘদিন ধৰি সৰুপথাৰ বৰপথাৰ সংযোগী পথটো বিধস্ত হৈ থকা বাবে জনসাধাৰনে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত পথটো পুনৰ নিৰ্মান কৰাৰ বাবে ধনশিৰি মহকুমাবাসীয়ে বিধায়ক গৰাকীক ধন্যবাদ জনাইছে ৷

আৰু পঢ়ক : আজি এখুদ ককাইদেউৰ জন্মদিন...

assam sarupathar