নিৰ্মাণৰ দুবছৰ নৌহ‍ওঁতেই ভাগি পৰিল চতিয়াৰ পলশনিৰ টৌ দলঙখ্যাত কাঠৰ দলং

নিৰ্মাণৰ দুবছৰ নৌহ‍ওঁতেই ভাগি পৰিল চতিয়াৰ পলশনিৰ টৌ দলঙখ্যাত কাঠৰ দলং

author-image
Asomiya Pratidin
New Update
নিৰ্মাণৰ দুবছৰ নৌহ‍ওঁতেই ভাগি পৰিল চতিয়াৰ পলশনিৰ টৌ দলঙখ্যাত কাঠৰ দলং

ডিজিটেল সংবাদ,চতিয়া : চতিয়াৰ পলশনি আৰু কুৰুৱাআটি সংযোগী টৌ দলং খ্যাত এখন কাঠৰ দলংখন শুকুৰবাৰে ভাঙি পৰে। লক্ষ্যণীয় যে, এই দলঙখন নিৰ্মাণৰ বাবে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ দিগন্ত বৰঠাকুৰে ঠিকা লাভ কৰিছিল। দলঙখন নিৰ্মাণৰ ২ বছৰ নৌহ‍ওতেই ভাঙি পৰিল এই দলংখন।

Advertisment

এইখন দলঙখনৰ আছিল এক ইতিহাস। দলঙখনৰ নিৰ্মাণৰ পূৰ্বে ভৰ বাৰিষা কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰ-ছাত্ৰীয়ে টোত উঠি ঘিলাধাৰী নদী পাৰহৈ বিদ্যালয়লৈ গৈছিল। এই বাতৰিয়ে সেই সময়ত অসমৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান লাভ কৰিছিল।

ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। তেতিয়াৰ পৰাই টৌ দলং হিচাপে সৰ্বজন পৰিচিত হৈ পৰিছিল এই দলঙখন।উল্লেখ্য যে, এই কাঠৰ দলঙখন ইয়াৰ পিছতে বহুবাৰ মেৰামতি কৰা হয় যদিও শেহতীয়াকৈ আজিৰ পৰা প্ৰায় ১ বছৰৰ আগতে দলংখন পুনৰ নিৰ্মাণ কৰা হৈছিল।

Also Read: তেওঁ পাৰে,সময়হে বেয়া

assam govt bridge chatia pramod barthakur