তেওঁ পাৰে,সময়হে বেয়া

ৰিয়ান পৰাগক ভাল পাই বাবেই সমালোচনা কৰে,তেওঁক ভাল পাই বাবেই তেওঁৰ সুখত সুখী হয় অসমবাসী
তেওঁ পাৰে,সময়হে বেয়া

ডিজিটেল ডেস্ক : প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচত ভাল খেলিলেই অসমবাসীৰ গুণাগাঁথা আৰম্ভ হয়। কেতিয়া পাব ভাৰতীয় জাতীয় দলত স্থান, কোনটো শৃংখলাৰ বাবে বি চি চি আয়ে ৰিয়ানৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আৰু যে কত কিমান ৰিয়ানকলৈ সপোনৰ সমীকৰণ ; তাৰ কোনো অন্ত নাই। অসমবাসীৰ অন্তহীন চিন্তাৰ সাগৰত বুৰ গৈ থাকে ৰিয়ান নামৰ এটি প্ৰতিভা।

পূৰ্বৰ দৰে পুনৰ চৰ্চিত হৈছে ৰিয়ান পৰাগ। সামাজিক মাধ্যম,সংবাদ মাধ্যম অথবা আড্ডাস্থলীত কেৱল ৰিয়ান পৰাগৰ চৰ্চা। ইয়াৰ কাৰণ হ'ল- সদ্যসমাপ্ত দেওধৰ ট্ৰফীৰ ৫খন মেচত ২টা শতক,১ অৰ্ধশতক আৰু ১১টা উইকেট দখল কৰি প্লেয়াৰ অৱ দা টুৰ্ণামেণ্টৰ সন্মান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰগৰাকীয়ে।

তেওঁৰ এই ঈৰ্ষণীয় সফলতাৰ বাবেই পুনৰ ৰাজ্যবাসী দুগুণ উৎসাহিত হৈ পৰিছে। সেয়ে আকৌ আৰম্ভ কৰিছে গুণাগাঁথা। ৰিয়ান পৰাগক ভাল পাই বাবেই সমালোচনা কৰে,তেওঁক ভাল পাই বাবেই তেওঁৰ সুখত সুখী হয় অসমবাসী।

প্ৰতিগৰাকী অসমীয়াৰ কামনা- ৰিয়ানে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰক। দ্বিতীয়গৰাকী অসমীয়া তথা প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে দেশক প্ৰতিনিধিত্ব কৰক। অৱশ্যে তাৰ মাজতে উমা চেত্ৰীয়ে ভাৰতীয় জাতীয় মহিলা দলক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

কিন্তু ৰিয়ানে যে বাৰে বাৰে অসমবাসীক আশাৰ ৰেঙণি দেখুৱাই, সময়ত এখন বিপৰীত ছবি দৃশ্যমান হয়; যাৰ ফলত পুনৰ আশাত চেঁচাপানী পৰি সমালোচিত হয় প্ৰতিভাৰ আকৰ ৰিয়ান পৰাগ।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ আই পি এল ছিজনত দুৰ্বল প্ৰদৰ্শনৰ বাবে ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ান ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ পৰা একেবাৰে সাধাৰণ ৰাইজৰ কঠোৰ সমালোচনাৰে থকা-সৰকা কৰা হৈছিল ৰিয়ান পৰাগক।

তেওঁৱো একান্ত মনে শুনি গৈছিল প্ৰতিটো প্ৰশ্ন। সেই সময় যেন তেওঁৰ নাছিল। যাৰ বাবে বাৰে বাৰে সুযোগ পোৱাৰ পিচতো ব্যৰ্থ হৈছিল ৰিয়ান পৰাগ। কিন্তু সময় গতিশীল-পৰিৱৰ্তনশীল, এইবাৰ যেন ৰিয়ানে সকলো তিক্ততা পাহৰি চলিত বৰ্ষৰ দেওধৰ ট্ৰফীত অৱতীৰ্ণ হৈছে।

কঠোৰ অনুশীলন আৰু প্ৰবল আত্মবিশ্বাসৰ জুয়ে ৰিয়ানক অধিক উজলাই তুলিলে আৰু তাৰেই ফচল ৫খন মেচত ৩৫৪ ৰান সংগ্ৰহ কৰাৰ উপৰি আৰু ৪.৮৪ গড় ৰান ব্যয় কৰি ১১ টা উইকেট ৰিয়ানৰ নামত। ইয়াৰোপৰি প্ৰতিযোগিতাত সৰ্বাধিক শতক আৰু ২৩টা অ'ভাৰ বাউণ্ডেৰী তেওঁৰ নাম খোদিত কৰিবলৈ সক্ষম হয়। এই পৰিসংখ্যৰ পৰাই অনুমান হয় ৰিয়ানে পাৰে,সময়েহে তেওঁক লগ নিদিয়ে। সকলোৱে আশা কৰাৰ দৰে, ৰিয়ানে ভাৰতীয় জাতীয় দলত স্থান পাওঁক।

তেওঁ পাৰে,সময়হে বেয়া
জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in