নৈত গা ধুবলৈ গৈ লামডিঙৰ দুই ছাত্ৰৰ সলিল সমাধি

নৈত গা ধুবলৈ গৈ লামডিঙৰ দুই ছাত্ৰৰ সলিল সমাধি

author-image
Asomiya Pratidin
New Update
নৈত গা ধুবলৈ গৈ লামডিঙৰ দুই ছাত্ৰৰ সলিল সমাধি

ডিজিটেল সংবাদ,লামডিঙ : লামডিঙত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।ডিমাহাচাও জিলাৰ মান্দাৰদিচা আৰু লামডিঙৰ সীমান্তৱৰ্তী নৈত গা ধুবলৈ গৈ দুজন ছাত্ৰৰ সলিল সমাধি ঘটে ৷ মৃত ছাত্ৰ দুগৰাকীৰ বয়স প্ৰায় ১৪ বছৰ হ'ব বুলি জনায়।

Advertisment

জানিব পৰামতে বৃহস্পতিবাৰে লামডিঙৰ ৩জন বন্ধু একেলগে স্কুটি লৈ নৈত গা ধুঁবলৈ গৈছিল ৷ নৈত গা ধুই থকা অৱস্থাতে দুই ছাত্ৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত বিষদভাৱে জানিব পৰা হোৱা নাই।

ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ ছাত্ৰ দুগৰাকীৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি,মৃত ছাত্ৰ দুগৰাকী লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীত পঢ়ি আছিল। দুই প্ৰতিভাৱান ছাত্ৰৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁই বিৰাজ কৰিছে।

Also Read: আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা

lumding student