আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা

আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা

author-image
Asomiya Pratidin
New Update
আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা

ডিজিটেল সংবাদ,নামতি : আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা। দানা-ঔষধৰ অভাৱত হাজাৰ হাজাৰ কুকুৰা মৃত্যুৰ মুখলৈ গতি কৰিছে। এই সন্দৰ্ভত জাঁজী ভেলী সমবায় সমিতিৰ বিৰুদ্ধে কুকুৰা পালকক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে।

Advertisment

কিয়নো সমবায় সমিতিখনে কুকুৰা পালকক প্ৰয়োজনীয় দানা-ঔষধ যোগান নধৰাৰ বাবেই এই অভিযোগ উত্থাপন কৰা হৈছে। জানিব পৰামতে কুকুৰা পালকৰ হিতাধিকাৰীলৈ বেংকৰ ঋণ আদায়ৰ নিৰ্দেশ অহাৰ পিছতে জাঁজী ভেলী সমবায় সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে।

সমবায় সমিতিখনে কুকুৰা পালকক ১ লাখ ৬০ হাজাৰ টকাকৈ ভাৰতীয় ষ্টেট বেংকৰ যোগেদি ঋণ প্ৰদান কৰি উক্ত ঋণ জাঁজী ভেলী সমবায় সমিতিয়ে হস্তগত কৰি উন্নত মানৰ কুকুৰা যোগান ধৰিছিল। উক্ত কুকুৰাৰ উৎপাদিত কণীৰে সমবায় সমিতিখনে ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা কৰিছিল যদিও সম্প্ৰতি জাঁজী ভেলী সমবায় সমিতিয়ে কুকুৰা পালকক সহযোগ নকৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

Also Read: ব্ৰহ্মপুত্ৰৰ ভদীয়া বানত বুৰ গৈছে মায়ঙৰ বিদ্যালয়

Co-operative Society