১২ বছৰীয়া ছাত্ৰৰ অভিনৱ প্ৰয়াস,নিজ হাতে নিৰ্মাণ কৰি উলিয়াইছে সৰস্বতীৰ প্ৰতিমা...

ছাত্ৰই নিৰ্মাণ কৰা সৰস্বতীৰ প্ৰতিমাৰে বিদ্যালয়ত পালন কৰিব পূজা

author-image
Asomiya Pratidin
New Update
১২ বছৰীয়া ছাত্ৰৰ অভিনৱ প্ৰয়াস,নিজ হাতে নিৰ্মাণ কৰি উলিয়াইছে সৰস্বতীৰ প্ৰতিমা...

নিজ হাতে নিৰ্মাণ কৰি উলিয়াইছে সৰস্বতীৰ প্ৰতিমা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ দুগৰাকী ১২ বছৰীয়া কিশোৰ ছাত্ৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাগদেৱী সৰস্বতীৰ প্ৰতিমা ৷ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ তথা কিশোৰ খনিকৰ ৰক্তিম নাথ আৰু তন্ময় নাথৰ অভিনৱ প্ৰয়াস ৷

Advertisment

এই দুই কিশোৰ খনিকৰ ছাত্ৰই নিৰ্মাণ কৰি উলিওৱা সৰস্বতীৰ প্ৰতিমাৰে কাইলৈ বিদ্যালয়ত পালন কৰা হ’ব সৰস্বতী পূজা ৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে এই দুগৰাকী ছাত্ৰই ডেৰমাহ ধৰি কৰা বিদ্যালয়ৰপৰা আহি প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ তেঁওলোকৰ নিৰলস প্ৰচেষ্টাত সম্পূৰ্ণ কৰি উলিয়াইছে দেৱীৰ প্ৰতিমা ৷ ছাত্ৰ দুগৰাকীৰ এই কৰ্মক উৎসাহ যোগাবলৈ বিদ্যালয়খনৰ শিক্ষকসকলো আহি দুয়োগৰাকীকে উৎসাহ যোগায়।

কাষৰীয়া এগৰাকী মৃৎ শিল্পীৰ কৰ্মক স্বচক্ষে প্ৰত্যক্ষ কৰি এইদৰে প্ৰতিমা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা কিশোৰ খনিকৰ দুগৰাকীৰ এই কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰই বিগত বিশ্বকৰ্মা পূজাতো বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণ কৰি নিজ গৃহতে পূজা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

আৰু পঢ়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতালৈ সাজু জামুগুৰিহাটৰ নিশামণি...

Saraswati Puja student school