/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f11b675f-5daf-4fec-9ba2-fef7af91b0a6/lick.jpg)
কঠোৰ অনুশীলনত ব্যস্ত জামুগুৰি টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষাৰ্থী নিশামনি
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ বহু কণ কণ শিশুৰ পৰা কিশোৰ কিশোৰীলৈকে সমৰকলাৰ প্ৰশিক্ষণ দি ৰাজ্যিক পৰ্যায়ত বহু পদক বুটলিবলৈ সক্ষম হৈছে। জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ এগৰাকী প্ৰশিক্ষাৰ্থী নিশামনি বৰাই এইবেলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে ৷
ইয়াৰ বাবেই উৎফুল্লিত হৈ পৰিছে একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো ৷ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বাঁচনি প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ নিশামণি বৰাই তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বাচনিভুক্ত হৈছে ৷
যাৰবাবে প্ৰশিক্ষক কৌস্তভ বাৰুতি আৰু বিকিৰাজ বাৰুতিৰ তত্বাৱধানত বৰ্তমান কঠোৰ অনুশীলন ব্যস্ত হৈ পৰিছে সপ্তম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী নিশামণিয়ে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভেৰে অসমলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যে সাহস আৰু প্ৰেৰণাৰ লগতে আশীৰ্বাদ দিবৰ বাবেই জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলেও দৈনিক অনুশীলনৰ অন্তত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিশামণিক জনাইছে অভিনন্দন আৰু শুভেচ্ছা ৷
অনুষ্ঠানটোত একাডেমীৰ অন্যান্য প্ৰশিক্ষাৰ্থীসকলেও সমৰকলা প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ উল্লেখ্য যে অহা মাহৰ শেষৰফালে তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসম দলৰ হৈ মুঠ ২৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ৷ অঞ্চলটোৰ ৰাইজেও আশা কৰিছে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যখনলৈ প্ৰতিগৰাকী অসম সন্তানে সুনাম কঢ়িয়াই আনিব পাৰে ৷
আৰু পঢ়কঃ ইটাখোলাত বাল্য বিবাহ, আটক অভিভাৱক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us