নকল সোণৰ অভিযানত গহপুৰ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই ব্যক্তি

নকল সোণৰ ব্যৱসায়ৰ অন্যতম ঘাটি হিচাপে চিনাক্ত হৈছে উত্তৰ অসমৰ লখিমপুৰ জিলা
নকল সোণৰ অভিযানত গহপুৰ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই ব্যক্তি

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ অসম আৰক্ষীয়ে নকল সোণৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণৰ ব্যৱসায়। উত্তৰ অসমৰ লখিমপুৰ জিলা নকল সোণৰ ব্যৱসায়ৰ অন্যতম ঘাটি হিচাপে ইতিমধ্যে চিনাক্ত হৈছে। লখিমপুৰ জিলাৰ অন্তৰ্গত বঙালমৰা,লালুক, হাৰমতী আদি মুছলমান বসতি প্ৰধান অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হৈ থকা নকল সোণৰ ব্যৱসায়ে এতিয়া স্পৰ্শ কৰিছে বিশ্বনাথ জিলাৰ দুই এটা ভিতৰুৱা অঞ্চল।

বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া গলচেপাত শুকুৰবাৰে পুৱা প্ৰায় ৯-৩০ বজাত আচল সোণ বুলি নকল সোণৰ নাও কিনি গহপুৰ আৰক্ষীৰ জালত গুজৰাট আৰু ৰাজস্থানৰ দুজন ব্যক্তি বন্দী হোৱা ঘটনাই উত্তৰ অসমত এতিয়াও যে নকল সোণৰ বেহা অব্যাহত আছে সেই কথা প্ৰমাণিত হৈছে।

জানিব পৰামতে-ৰাজস্থানৰ মুকেশ কুমাৰ শৰ্মা(৪০) আৰু গুজৰাটৰ ভাগিৰথ চৌধুৰী(৩৮) নামৰ ব্যক্তি দুগৰাকীৰ লগত এটা নকল সোণৰ ব্যৱসায়ীৰ যোৱা প্ৰায় এমাহ পূৰ্বে ফোনত চিনাকি হয়। সেই অনুসৰি-যোৱা প্ৰায় এমাহ ধৰি দুয়োপক্ষৰ লগত ফোনত কথা বাৰ্তা চলি থাকে। দুয়োপক্ষৰ মাজত হোৱা কথোপকথনত মুকেশ আৰু ভাগিৰথে কম মূল্যত এখন সোণৰ নাও কিনাৰ বাবে বন্দোবস্তি হয়। সেই অনুসৰি-নকল সোণ ব্যৱসায়ী চক্ৰটোৱে মুকেশ আৰু ভাগিৰথক গলচেপালৈ আহিবলৈ কোৱাত শুকুৰবাৰে তেওঁলোক আহি গলচেপাৰ সৰুভনী নাথৰ ঘৰত উপস্থিত হয়।

তদুপৰি এখন পালছাৰ বাইকত আহি সৰুভনী নাথৰ ঘৰত আহি উপস্থিত হয় সোণ বেপাৰী দুজন। তাতে সোণ বেপাৰী দুজনে আচল সোণ বুলি নকল সোণৰ নাও এখন দি মুকেশ আৰু ভাগিৰথৰ পৰা চাৰি লক্ষাধিক টকা লৈ সেই স্থানৰ পৰা ততাতৈয়াকৈ উধাও হয়। পিছত মুকেশ আৰু ভাগিৰথে উক্ত নাওখন নকল সোণৰ বুলি জানিব পাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

উক্ত ঘটনাৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰাত গহপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰিতুৰাজ দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দল গলচেপাত উপস্থিত হৈ নকল সোনৰ নাও সহ মুকেশ আৰু ভাগিৰথক আটক কৰি থানালৈ লৈ আহে। অৱশ্যে মুকেশ আৰু ভাগিৰথক নকল সোণৰ নাও বিক্ৰী কৰি চাৰি লক্ষাধিক টকা লৈ বাইকেৰে উধাও হোৱা নকল সোণৰ বেপাৰী দুজনক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই গহপুৰ আৰক্ষীয়ে।

অৱশ্যে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে গহপুৰ আৰক্ষীয়ে। এইক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে সৰুভনী নাথকো সোধাপোছা অব্যাহত ৰাখিছে। নকল সোণৰ নাও বেপাৰী দুজন মটৰ বাইকেৰে বঙালমৰা দিশে গতি কৰা বুলি সন্দেহ কৰা হৈছে।

নকল সোণৰ অভিযানত গহপুৰ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই ব্যক্তি
শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in