সোনাৰী চাপৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক ধৰিলে ৰাইজে

সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প প্ৰাণ বৰুৱা ৰাইজে আবদ্ধ কৰি ৰখা স্থানত উপস্থিত হৈ যুৱক দুজনক ৰাইজৰ জিম্মাৰ আৰক্ষীৰ জিম্মালৈ আনে

author-image
Asomiya Pratidin
New Update
সোনাৰী চাপৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক ধৰিলে ৰাইজে

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কঠালগুৰি  গাঁৱত বুধবাৰে বিয়লি দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৰাইজে আটক কৰে। কেঁকুৰী কঠালগুৰি গাঁও যুৱ সংঘ আৰু মিচিং ছাত্ৰ সন্থা, মিচিং মিমাগ কেবাংৰ কৰ্মকর্তাসকলে সুদীর্ঘ দিন ধৰি  বৃহত্তৰ অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি অহাৰ তথ্য লাভ কৰি গোপন অভিযান চলাই আছিল।

Advertisment

সেই অনুসৰি বুধবাৰে বিয়লি প্ৰায় ৪-৪৫ বজাত  অভিযান চলাই দাংধৰা নদীৰ পাৰৰ ঘন জংঘলৰ মাজত নবদ্বীপ মিলিৰ পুত্ৰ  ৰাহুল মিলি (২৫)  আৰু ভৃগু (ৰমেন) মিলিৰ পুত্ৰ জ্যোতি পেগু(২৪)ক হাতে লোটে ধৰিবলৈ সক্ষম হয়। কেঁকুৰী কঠালগুৰী গাঁৱৰ ধৃত যুৱক দুজনৰ পৰা ৪ টা ড্ৰাগছ ভৰ্তি কন্তেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মিচিং জাতীয় সংগঠন আৰু  যুৱ সংঘ তথা ৰাইজে  এই নিচাসক্ত যুৱক দুজনক নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ আহ্বান জনাইছে আৰক্ষীক । ৰাইজে আটক কৰা যুৱক দুজনৰ সৈতে আৰু এজন যুৱক আছিল যদিও ৰাইজৰ উপস্থিতিৰ উমান পাই যুৱকজন পলাই যাবলৈ সক্ষম হয়।

ঘটনাৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ অ চি উৎপল বৰা আৰু সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প প্ৰাণ বৰুৱা ৰাইজে আবদ্ধ কৰি ৰখা স্থানত উপস্থিত হৈ যুৱক দুজনক ৰাইজৰ জিম্মাৰ আৰক্ষীৰ জিম্মালৈ আনে । লগতে ড্ৰাগছৰ কন্তেইনাৰ ৪ টা জব্দ কৰি থানালৈ আনে ।

ৰাইজে জনোৱা অনুসৰি পূৰ্বেও বহুবাৰ এনে ড্ৰাগছ আসক্তক ৰাইজে ধৰি আৰক্ষীক গতাই দিছিল। বৃহত্তৰ গ্রামাঞ্চলটোত ইতিমধ্যে ভাং ,ড্ৰাগছ আদিৰ ব্যাপক প্ৰয়োভৰ চলিছে আৰু এই সন্দৰ্ভত আৰক্ষীৰ দুৰ্বলতাৰ বিপৰীতে ৰাইজৰ নিজাববীয়া অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।

Also Read: মঙলদৈত বজ্ৰ পৰি এজনৰ মৃত্যু

Assam police crime