/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5cb8eb80-92c7-4598-8175-a6e39cdf549a/q26.jpg)
ডিজিটেল সংবাদ,কাজিৰঙাঃ পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে পোনপ্ৰথমবাৰৰ বাবে সোমবাৰৰ পৰা কাজিৰঙাত আৰম্ভ হয় আয়ুষ চিন্তন শিবিৰ ৷ দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ বৰগছ ৰিচৰ্টত আজিৰে পৰা আৰম্ভ হোৱা এই চিন্তন শিবিৰৰ প্ৰথম কাৰ্যসূচীৰ দিনা শিবিৰ মুকলি কেন্দ্ৰীয় আয়ুষ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6ed8bcd4-d727-4c68-9920-61ae7c81f15c/517dc00d_c2bb_4e30_b19e_0e330bb5f4a7.jpg)
তেওঁ কয় যে ভাৰতীয় পৰাম্পৰাগত চিকিৎসা পদ্ধতিৰ দ্বাৰা বিশ্বক নেতৃত্ব দিব পৰাকৈ তৃণমূল পৰ্যায়ৰ পৰা সমগ্ৰ ব্যৱস্থাটোক শক্তিশালী ৰূপত তুলি ধৰি গ্ৰহণ কৰা আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আলোচনাৰ বাবে এই চিন্তন বৈঠক আয়োজন কৰা হৈছে ৷ এই পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ভিছন সেয়া সঠিক ৰূপায়ণৰ বাবে এয়া প্ৰথম আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা চিন্তন শিবিৰৰ আয়োজন কৰা হৈছে বুলিও তেঁও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e72bd4b8-8d8a-47c0-afb1-8bf204a33341/21e1780c_35ed_4b52_9f45_e0f84fe2330d.jpg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়ুষ খণ্ডৰ ব্যাপক সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ ওপৰত কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে আয়ুষ ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ লাভালাভ আৰু গৱেষণাৰ বিষয়ে থলুৱা ভাষাত ব্যাখ্যা কৰিবলৈ গৱেষকসকলৰ প্ৰতি আহ্বান জনায় যাতে বৃহৎসংখ্যক জনসাধাৰণে এই বিষয়ে অৱগত হ'ব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a03a0872-25c1-4d95-a2ce-81f46c3c61d6/7dafe0be_8733_415b_8c7b_4dad7fac249d.jpg)
সৰ্বানন্দ সোণোৱালে লগতে কয় যে এক পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত আয়ুষ অতি গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই বিশ্বব্যাপী বিশেষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি তেখেতে উল্লেখ কৰে। অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ মুঞ্জাপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কটেছা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, বিশিষ্ট বক্তা, বিশেষজ্ঞ আৰু ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/477fc3b1-7d5a-491d-b6da-eac2d70677b6/8105ac73_473b_4e87_8421_1b8601a3115f.jpg)
ইফালে, এম ভি গংগা বিলাসৰ যি ৰিভাৰ ক্ৰুইজ তাৰ দ্বাৰা পৰ্যটনৰ ক্ষেত্ৰত অসমে এক অন্য মাত্ৰা বহন কৰিছে বুলি প্ৰকাশ কৰি সোণোৱালে কয়, আগতে চি ক্ৰুইজৰ, ৰিভাৰ ক্ৰুইজৰ বাবে মানুহ বিদেশলৈ গৈছিল কিন্তু এতিয়া অসমলৈ আহিছে ৷ এয়া অত্যন্ত আশা ব্যঞ্জক বুলি উল্লেখ কৰে ৷ ইপিনে, সম্প্ৰতি অসমত অৰাজকতা হৈ থকা বুলি বিভিন্নজনে কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সোণোৱালে কৌশলগতভাৱে বিষয়টোৰ পৰা আঁতৰি থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/551cf7a7-a326-40c9-9fd7-af23e07065ce/e3610547_9749_46ac_a74a_2aae3d6e5588.jpg)