ৰাজ্যত অব্যাহত নকল সোণৰ বেহা, নগাঁৱত গ্ৰেপ্তাৰ ২জন ব্যৱসায়ীক

নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখন নকল সোণৰ নাও।  এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে বিয়লি নগাওঁ আৰক্ষীয়ে খুটিকটীয়া-বৰভেটি সংযোগী পথত চলাইছিল এই অভিযান। অভিযানত নকল সোণৰ নাও দুখন জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ

নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ


ডিজিটেল সংবাদ ,নগাঁও: নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখন নকল সোণৰ নাও।  এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে বিয়লি নগাওঁ আৰক্ষীয়ে খুটিকটীয়া-বৰভেটি সংযোগী পথত চলাইছিল এই অভিযান। অভিযানত নকল সোণৰ নাও দুখন জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।

Advertisment

আৰক্ষীৰ সুত্ৰ অনুসৰি, বিহাৰৰ দুজন লোকক নকল সোণৰ নাও বিক্ৰী কৰাৰ প্ৰস্তুতি চলোৱাৰ থাকোতেই আৰক্ষীৰ জালত পৰে ব্যৱসায়ী যুৱক দুজনক। নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হেৰাপট্টীৰ বাহাৰুল ইছলাম (২৪) আৰু ৰচিদুল হক (২৬) নামৰ নকল সোণৰ ব্যৱসায়ী দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, এই দুই যুৱ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি নকল সোণৰ ব্যৱসায় চলায় বহি: ৰাজ্যৰ একাংশ লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

নগাঁও আৰক্ষী নকল সোণ অবৈধ সোণ