/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/119c9753-264c-4152-aa1d-13ad43881a7f/drugs.jpg)
ড্ৰাগছসহ আটক দুজন
ডিজিটেল সংবাদ, কচুৱাঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ কচুৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলালে অভিযান ।
গোপন সূত্ৰৰ ভিত্তিত কচুৱা থানাৰ অন্তৰ্গত বালিচৰীয়া গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান । অভিযানত এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ লগতে দুজনলোকক আটক কৰে আৰক্ষীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/abb98a7b-2f20-4cae-b869-fb969708f287/c793c61b_a25e_4812_9e3c_f424169be3bb.jpg)
আটকাধীন লোককেইজন ক্ৰমে ৰহিম উদ্দিন, আৰু আনুৱাৰ হুছেইন । সম্পৰ্কত দুয়ো মামা ভাগিন বুলি জনা গৈছে । সোধ-পোচৰ অন্তত দুয়োকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
Also Read: অৱশেষত পুতি থোৱা মৃতদেহ খান্দি উলিয়াই সৎকাৰ কৰা হʼল হিন্দু নিয়ম অনুসৰি...