অৱশেষত পুতি থোৱা মৃতদেহ খান্দি উলিয়াই সৎকাৰ কৰা হʼল হিন্দু নিয়ম অনুসৰি...

অৱশেষত অন্ত পৰিল বজালীৰ মৃতদেহ পুতি থোৱা ঘটনাৰ । সাংবাদিকৰ তৎপৰতাত ভৱানীপুৰ আৰক্ষীৰ সহযোগত সৎকাৰ কৰা হʼল মৃত নিৰঞ্জন বৰাৰ মৃতদেহ
গলিয়া শ্মশান
গলিয়া শ্মশান

ডিজিটেল সংবাদ, বজালীঃ অৱশেষত অন্ত পৰিল বজালীৰ মৃতদেহ পুতি থোৱা ঘটনাৰ । সাংবাদিকৰ তৎপৰতাত ভৱানীপুৰ আৰক্ষীৰ সহযোগত সৎকাৰ কৰা হʼল মৃত নিৰঞ্জন বৰাৰ মৃতদেহ ।

গাঁওবাসী ওলাই আহিল মৃতদেহ সৎকাৰৰ বাবে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীৰ পৰা মৃতদেহ গ্ৰহণ কৰিছিল জুতিকাৰ আত্মীয়ই । যোৱা ৫ এপ্ৰিলৰ নিশা পত্নী জুতিকা বৰাই হত্যা কৰিছিল স্বামী নিৰঞ্জন বৰাক ।

মৃতদেহ সৎকাৰৰ বিপৰীতে গলিয়া শ্মশানত মাটিত পুতি থৈছিল মৃতদেহটো । সাংবাদিকৰ উপস্থিতিৰ পিছতেই মৃতদেহ সৎকাৰৰ বাবে ওলাই আহিল গাওঁবাসী ।

অৱশেষত গাঁতৰ পৰা মৃতদেহ খান্দি উলিয়াই হিন্দু নিয়ম অনুসৰি সৎকাৰ কৰা হʼল মৃতদেহটো ।

গলিয়া শ্মশান
কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in