টুচু নৃত্য-গীতে মুখৰিত জামুগুৰিহাটৰ দীপোটোলা

কুৰিটাৰো অধিক টুচু দলৰ নৃত্য গীতে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ দীপাতোলা অঞ্চল ।
টুচু নৃত্য-গীতে মুখৰিত জামুগুৰিহাটৰ দীপোটোলা

ডিজিটেল সংবাদ, জামগুৰিহাট: কুৰিটাৰো অধিক টুচু দলৰ নৃত্য গীতে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ দীপাতোলা অঞ্চল । পূৱ বৰভগীয়া আদিবাসী উন্নয়ন সুৰক্ষা সমিতিৰ উদ্যোগত দীপাটোলা খেলা পথাৰত আঞ্চলিক ভিত্তিত অনুষ্ঠিত কৰা টুচু নৃত্য প্ৰতিযোগিতাত আজি জামুগুৰিহাটৰ কুৰিটাৰো অধিক টুচু দলে অংশ গ্ৰহণ কৰে ।

পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাসে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনিত এটি এটিকৈ বৃত্তাকাৰ খেলাপথাৰত প্ৰবেশ কৰা কুৰিটাকৈ টুচু দলে প্ৰায় দুইঘন্টাৰো অধিক সময় টুচু নৃত্য প্ৰদৰ্শন কৰে । অসমীয়া, গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বসতিস্থল দীপাটোলাত অনুষ্ঠিত কৰা এই টুচু প্ৰতিযোগিতাত সহস্ৰাধিক লোক উপস্থিত আছিল । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইয়ো পুৱাই প্ৰতিযোগিতা স্থলীত উপস্থিত হৈ উদোক্তাসকলক অভিনন্দন জ্ঞাপন কৰে ।

আৰু পঢ়ক: ''মই নহয়, মোলৈ ফোন কৰি নিজৰ পৰিচয় দিছিল অভিনেতা জনে'' পুনৰ মুখ্যমন্ত্ৰীৰ টুইট...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in