''মই নহয়, মোলৈ ফোন কৰি নিজৰ পৰিচয় দিছিল অভিনেতা জনে'' পুনৰ মুখ্যমন্ত্ৰীৰ টুইট...

মই ফোন কৰা নাই। মোলৈ ফোন কৰিছিল- শ্বাহৰুখ খানৰ 'পাঠান' ছবিক লৈ চলি থকা বিতৰ্কৰ মাজতে পুনৰ টুইট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
''মই নহয়, মোলৈ ফোন কৰি নিজৰ পৰিচয় দিছিল অভিনেতা জনে'' পুনৰ মুখ্যমন্ত্ৰীৰ টুইট...

ডিজিটেল ডেস্ক: মই ফোন কৰা নাই। মোলৈ ফোন কৰিছিল- শ্বাহৰুখ খানৰ 'পাঠান' ছবিক লৈ চলি থকা বিতৰ্কৰ মাজতে পুনৰ টুইট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

তেওঁ টুইট কৰি কয় যে- 'শ্ৰী' শব্দটোৱে মোৰ কাৰ্যালয়ৰ মৰ্যাদা প্ৰতিফলিত কৰে। মই কাকো ফোন কৰা নাই । অভিনেতাজনেহে মোক ফোন কৰিছিল আৰু নিজৰ পৰিচয় দিছিল। আইন-শৃংখলাৰ ওপৰত থকা মোৰ আশ্বাসে কেৱল মোৰ সাংবিধানিক কৰ্তব্য প্ৰতিফলিত কৰে। বিতৰ্ক কৰিবলৈ একো নাই।

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে 'পাঠান' ছবিক লৈ বিতৰ্ক। এই বিতৰ্কৰ মাজতে শনিবাৰে শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই দেওবাৰে মুখ্য়মন্ত্ৰীয়ে টুইট কৰি জনাইছিল যে নিশা ২ বজাত শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰিছিল আৰু গুৱাহাটীৰ পৰিস্থিতিৰ বুজ লৈছিল।

এই টুইটৰ পাছত পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছিল মুখ্যমন্ত্ৰীৰ । তেওঁ 'শ্ৰী' শ্বাহৰুখ খান বুলি সম্বোধন কৰাৰ বাবে একাংশই সমালোচনা কৰি কৈছিল যে চিনি নোপোৱাৰ কেইটামান ঘন্টা পাছতেই পৰিৱৰ্তন। ইয়াৰ প্ৰত্যুত্তৰত পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট কৰি কয় যে তেওঁ নহয়, তেওঁলৈহে অভিনেতা গৰাকীয়ে ফোন কৰিছিল।

আৰু পঢ়ক: ভাল খবৰ! সোমবাৰে মুকলি হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

pathan shahrukh khan himanta biswa sarma