অসংখ্য ভক্তৰ সমাবেশেৰে মুখৰিত ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান...

অসংখ্য ভক্তৰ সমাবেশেৰে মুখৰিত ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান...

author-image
Asomiya Pratidin
New Update
অসংখ্য ভক্তৰ সমাবেশেৰে মুখৰিত ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান...

অসংখ্য ভক্তৰ সমাবেশেৰে মুখৰিত ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান...

ডিজিটেল সংবাদ ৰঙিয়াঃ ঐতিহ্যমণ্ডিত ৰঙিয়াৰ তুলসীবাৰীৰ গৰখীয়া গোপাল মাৰলী থানৰ প্ৰাণ প্ৰতিষ্ঠা আজি অনুষ্ঠিত হয় । এই প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি অইন বছৰৰ দৰে এইবেলিও আজিৰ দিনটোতে বাৰ্ষিক সবাহ মহোৎসৱখনি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ।

Advertisment

উল্লেখ্য যে প্ৰাচীন সময়ৰ পৰাই ইতিবৃত্ত থকা এই গোপাল মাৰলী থানৰ বাৰ্ষিক সবাহ মহোৎসৱত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰি নিজৰ নিজৰ মনোকামনা বিচাৰি প্ৰভূৰ চৰণত ভক্তিভাৱেৰে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়। সবাহ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত নিত্য প্ৰসংগ, ৮ বজাত সভাপতি উমেশ কলিতাই ধৰ্মীয় পতাকা উত্তোলন কৰে আৰু তাৰ পিছত বিশেষ সম্বৰ্ধনা অনুষ্ঠান, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগে লগে পুৱা ১০ বজাত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়।

শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। তাৰপিছত কেইবাটাও নাগাৰা নাম দলৰ নাম পৰিবেশন কৰে। এই নাগাৰা নাম মুকলিতৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে দিনৰ ১২ বজাত মহাপ্ৰভূৰ ভোগ ক্ষেত্ৰ ভক্তসকলৰ বাবে উদ্বোধন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ, স্নায়ু শৈল বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃণাল ভূঞাই ।

ইয়াৰ পিছতে সন্ধিয়া ৫ বজাত ৩৯ বছৰীয়া স্মৃতিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানেৰে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইফালে সবাহৰ ২৫ জানুৱাৰীত পুৱা ১১ বজাত ভাগৱত স্থাপন, বিয়লি ৪:৩০ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে তুলসীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈয়ে।

মন্দিৰৰ দ্বাৰ উন্মোচন,বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । আজি পুৱা নিত্য প্ৰসংগ,যুগল পাঠকে ধৰি মহিলা নাগাৰা নামৰ পৰিবেশন,বন্তি প্ৰজ্বলন আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচীৰে সবাহৰ সামৰণি পৰে।

Also Read: গণৰাজ্য দিৱস উপলক্ষ্যত APSC পৰীক্ষাত উত্তীৰ্ণ দুজনক বঢ়মপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা...

ৰঙিয়া