গণৰাজ্য দিৱস উপলক্ষ্যত APSC পৰীক্ষাত উত্তীৰ্ণ দুজনক বঢ়মপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা...

গণৰাজ্য দিৱস উপলক্ষ্যত APSC পৰীক্ষাত উত্তীৰ্ণ দুজনক বঢ়মপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
গণৰাজ্য দিৱস উপলক্ষ্যত APSC পৰীক্ষাত উত্তীৰ্ণ দুজনক বঢ়মপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা...

গণৰাজ্য দিৱস উপলক্ষ্যত APSC পৰীক্ষাত উত্তীৰ্ণ দুজনক বঢ়মপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ চামগুৰিঃ সমগ্ৰ দেশৰ লগতে আজি নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত উৰিয়া গাঁৱত গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ক্লাৱৰ উৰিয়াগাঁওস্থিত অস্থায়ী কাৰ্যালয় প্ৰাংগণত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই। প্ৰেছ ক্লাৱৰ সম্পাদক নিপুল বৰাই আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱানন্দ গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰমেশ গোস্বামীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রাণ আহুতি দিয়া বীৰ-বীৰাঙ্গনাসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে গণৰাজ্য দিৱসৰ তাৎপৰ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে।

Advertisment

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়াই। উল্লেখযোগ্য যে,উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতি অৰ্জন কৰা উৰিয়াগাঁৱৰ আগষ্টি কাশ্যপ(এ.পি.এছ) আৰু বঢ়মপুৰ জলাহ গাঁৱৰ ভাৰ্গব প্ৰতীম শইকীয়াক(এ.চি,এছ) প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানটোত বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা জিতু শৰ্মা, সমাজকৰ্মী ক্ৰমে দুলাল বৰা, লীলাকান্ত শৰ্মা, জীৱন সিং, লাতুমনি শইকীয়া, নিপাংকৰ শইকীয়া, জয়ন্ত কুমাৰ বৰা, ক্লাৱৰ কাৰ্যকৰী সভাপতি বৰুণ জ্যোতি নেওগ, সহ: সম্পাদক ৰিতু নেওগ,প্ৰচাৰ সম্পাদক হিমাংশু বৰা,কাৰ্যকৰী সদস্য পদ্ম হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

Also Read: নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !

বঢ়মপুৰ গণৰাজ্য দিৱস