মেট্ৰিকত ১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল তুলসীবাৰী শংকৰদেৱ শিশু নিকেতন

মেট্ৰিকত ১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল তুলসীবাৰী শংকৰদেৱ শিশু নিকেতন

author-image
Asomiya Pratidin
New Update
মেট্ৰিকত ১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল তুলসীবাৰী শংকৰদেৱ শিশু নিকেতন

ডিজিটেল সংবাদ,ৰঙিয়াঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শনিবাৰে ঘোষিত ফলাফলত ১০০ শতাংশ উত্তীৰ্ণৰে পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনে। বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা ৬০ গৰাকীকৈ পৰীক্ষাৰ্থীৰ ৫৫ গৰাকীয়ে প্ৰথম আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে ৮ গৰাকীয়ে ডিষ্টিংচন,১৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভেৰে বিশেষ সফলতা অৰ্জন কৰে।

Advertisment

আনহাতে দুগৰাকী পৰীক্ষাৰ্থী ক্ৰমে দিয়া দাস আৰু চাহিল আহমেদে উচ্চ গণিতত এশ শতাংশ নম্বৰ লাভ কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভুৱনেশ্বৰ লহকৰ আৰু সম্পাদক সনাতন কলিতাৰ তত্বাৱধানত তথা নিকেতনখনৰ প্ৰধানাচাৰ্য সোমদত্ত কলিতাৰ নেতৃত্বত আচাৰ্য-আচাৰ্যা বৃন্দৰ প্ৰয়াসৰ ফলশ্ৰুতিত পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।

Also Read: ঘিলামৰাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা

ৰঙিয়া তুলসীবাৰী শঙ্কৰদেৱ শিশু নিকেতন হাইস্কুল শিক্ষান্ত পৰীক্ষা