ঘিলামৰাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা

ঘিলামৰাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ উদ্যোগত অহা ২৩,২৪ আৰু ২৫ এপ্ৰিলত ঘিলামৰা কৃষ্টি ভৱনৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে। বিহু সন্মিলনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰিব স্হায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা আৰু উদযাপন সমিতিৰ সভাপতি দেৱজিত বৰগোঁহায়ে, স্মৃতি তৰ্পণ কৰিব স্হায়ী সমিতিৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা আৰু উদযাপন সমিতিৰ সম্পাদক ৰাজু গগৈয়ে, গছপুলি ৰোপন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ বৰাই, ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিব ঘিলামৰা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চমুৱাই। পুৱা দহ বজাত প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়া সোঁৱৰণি নৱনিৰ্মিত তোৰণ উন্মোচন কৰিব বিধায়ক নৱ কুমাৰ দলে।

ইয়াৰ পিছতে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বাতৰি পৰিৱেশিকা এঞ্জেলা চাংমাই আৰু লাইফ অফ এ ড্ৰাইভাৰ কিতাপৰ লেখক ৰূপম দত্তই। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীয়ে বিহু মঞ্চ আৰু সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতে আবেলি আঢ়ৈ বজাৰ পৰা সৰু বিহুৱা, সৰু বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

দ্বিতীয় দিনা দুপৰীয়া বাৰ বজাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ উদ্যোগত স্থানীয় সংস্কৃতিবান ব্যক্তি আৰু প্ৰৱাসী ঘিলামৰীয়াৰ সৈতে অন্তৰঙ্গ আলাপ, আবেলি দুই বজাৰ পৰা বৰ বিহুৱা, হুঁচৰি, বৰ বিহুৱতী আৰু মুকলি বিহু প্ৰতিযোগিতা আৰু শেষৰ দিনা দুপৰীয়া বাৰ বজাত স্মৃতিগ্ৰন্থ ‘বহনা’ উন্মোচন, বিয়লি দুই বজাৰ পৰা বিহুৱতী প্ৰতিযোগিতা আৰু সন্ধিয়া কণ্ঠশিল্পী প্ৰাণদ্বীপৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।

ঘিলামৰাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা
বিবাহিত পুৰুষে অপহৰণ কৰি লৈ গ'ল কিশোৰীক! আলহী হ'ল ৰঙাঘৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in