হাটশিঙিমাৰীত জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ত্ৰিৰঙ্গা ৰেলী...

হাটশিঙিমাৰীত জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ত্ৰিৰঙ্গা ৰেলী...
হাটশিঙিমাৰীত জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ত্ৰিৰঙ্গা ৰেলী...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি ত্ৰিৰঙ্গা ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সমগ্ৰ দেশজুৰি উদযাপিত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উলিওৱা হয় এই ত্ৰিৰঙ্গা ৰেলী।

উল্লেখযোগ্য যে, আজি দিনৰ ১০ বজাত হাটশিঙিমাৰী বাছআস্থানৰ পৰা হাটশিঙিমাৰী ষ্টেট বেংক হৈ চুপাৰ মাৰ্কেটলৈ এক বৃহৎ ত্ৰিৰঙ্গা ৰেলী উলিওৱা হয়। এই কাৰ্য্যসূচীত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰৰ লগতে কেবাগৰাকী অতিৰিক্ত উপায়ুক্ত উপস্থিত আছিল।

স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহন কৰিবলগীয়া আৰক্ষী, বেটেলিয়ান আৰু ছাত্ৰ-ছাত্ৰীসকলে এই ত্ৰিৰঙ্গা ৰেলী কাৰ্যসূচীত অংশগ্ৰহন কৰে। ইফালে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত প্ৰতিবছৰে জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাবে স্বাধীনতা দিৱস উদযাপন কৰা হয়।

কিন্তু কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত খেল পথাৰখনত বোকা পানীৰে ভৰি পৰাত এইবাৰ জনতা খেল পথাৰত স্বাধীনতা দিৱস উদযাপন কৰা অসম্ভব হৈ পৰিছে । ফলস্বৰূপে তৎকালীন ভাবে হাটশিঙিমাৰী বাছআস্থানত এইবাৰ জিলাখনত কেন্দ্ৰীয় ভাবে ৭৭ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিছে।

বাছআস্থানত স্বাধীনতা দিৱস উদযাপনৰ বাবে তৎকালীন ভাবে প্ৰস্তুতি লোৱা হৈছে । আজিৰ দিনটোৰ ভিতৰত বাছআস্থান সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে। আজি নিশাৰ ভিতৰত বাছআস্থানত স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হ'ব। ইয়াৰ পাচত কাইলৈ পুৱাৰ পৰা জিলাখনত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হ'ব।

জনতা খেলপথাৰত প্ৰায় ২০ সহস্ৰাধিক লোকৰ সমাগম হয় কিন্তু এইবাৰ ১ৰ পৰা ডেৰ হাজাৰ মানুহ এই বাছআস্থানত সমবেত হ'ব পাৰিব। বাছআস্থানতে আজি পেৰডৰ আখৰাও সম্পন্ন কৰা হয়।

এই সন্দৰ্ভত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কয় বতৰৰ বাবে এইবাৰ জনতা খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিলেও বাছআস্থানত ৰাইজে উপস্থিত থাকি স্বাধীনতা দিবস উলহ-মালহেৰে উদযাপন কৰিব লাগে। আনহাতে জিলাখনৰ প্ৰতিজন লোকে হাতত জাতীয় পতাকা লৈ এখনকৈ ছেল্ফি উঠি আজাদী কা অমৃত মহোৎসৱৰ ৱেবছাইটত আপলোড দিয়াৰ বাবেও তেওঁ আহ্বান জনায়।

ইফালে স্বাধীনতা দিৱস উপলক্ষে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ লগতে আৰক্ষীয়ে যৌথভাবে কটকটিয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আৰক্ষী অধীক্ষক হৰেন টকবীয়ে জানিবলৈ দিছে। আন্তৰাজ্যিক মেঘালয় সীমান্ততো আৰক্ষীয়ে ঠায়ে ঠায়ে নাকা চেকিং বহুৱাই প্ৰতিখন বাহন তন্ন তন্ন কৰি তালাচী চলোৱা পৰিলক্ষিত হৈছে।

হাটশিঙিমাৰীত জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ত্ৰিৰঙ্গা ৰেলী...
'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in