সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰিলে 'ত্ৰিমূৰ্তি জেংৰাইমুখ'...

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰিলে 'ত্ৰিমূৰ্তি জেংৰাইমুখ'
সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰিলে 'ত্ৰিমূৰ্তি জেংৰাইমুখ'

ডিজিটেল সংবাদ, মাজুলী: আধুনিক জেংৰাইমুখ নিৰ্মাণকাৰীৰ অন্যতম সদস্য,মাজুলীৰ বৰেণ্য ব্যক্তি, সমাজ সংস্কাৰক, ৩ পুৰোধা ব্যক্তি ক্ৰমে দাসীৰাম পেগু, সনাতন পেগু আৰু মনাই পেগুৰ নামত উচৰ্গিত ত্ৰিমূৰ্তি জেংৰাইমুখ নামৰ আৱক্ষমূৰ্তি আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে মুকলি কৰে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে। মাজুলীৰ তৃতীয়খন পুৰণি উচ্চ শিক্ষানুষ্ঠান জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰি তোলা আৱক্ষমূৰ্তি উন্মোচনৰ অনুষ্ঠান পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়।

ইয়াৰ পিছত ত্ৰিমূৰ্তি জেংৰাইমুখ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। জেংৰাইমুখৰ তিনি বৰেণ্য ক্ৰমে দাসীৰাম পেগু, সনাতন পেগু আৰু মনাই পেগুয়ে যৌথভাৱে জেংৰাইমুখৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তত বিদ্যালয় প্ৰতিষ্ঠা কৰি সকলো লোকক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে অহৰহভাৱে প্ৰচেষ্টা হাতত লৈছিল।

ইয়াৰ উপৰিও অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে সজাগ গঢ়ি তোলা, বাণিজ্যৰে আৰ্থ সামাজিক উন্নয়ন কৰা, চিকিৎসা বিজ্ঞানৰ বাবে চিকিৎসালয়ৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি সমাজলৈ অনৱদ্য অৱদান আগবঢ়াই থৈ যোৱা এই ৩ গৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে সমাজ হিতৈষী, অৱসৰপ্ৰাপ্ত অভিযন্তা, বিশিষ্ট সমাজ সেৱক জীতেন দোলাকাষৰীয়াই।

এইগৰাকী স্বনামধন্য ব্যক্তি তথা তেওঁৰ পৰিয়ালবৰ্গৰ পৃষ্ঠপোষকতাত জেংৰাইমুখবাসী ৰাইজৰ সহযোগত প্ৰাণ পাই উঠে 'ত্ৰিমূৰ্তি জেংৰাইমুখ' নামৰ এক মহৎ কাৰ্যসূচী। এই আৱক্ষমূৰ্তি উন্মোচন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা।

জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পদ্মধৰ পেগুৱে উদ্বোধন কৰি ত্ৰিমূৰ্তি কেইজনে মাজুলীৰ শিক্ষাখণ্ড,স্বাস্থ্য, বাণিজ্যিক,সামাজিক আদি সকলো ক্ষেত্ৰতেই আগুৱাই নিবলৈ সক্ষম হৈছিল বুলি মন্তব্য আগবঢ়ায়। স্বৰ্নশিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীৱন দলেই সঞ্চালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'ত্ৰিমূৰ্তি জেংৰাইমুখ' নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ, তথা কবি,সাহিত্যিক ড০ দেৱজিৎ শইকীয়াই।

মাজুলীৰ আগশাৰী উদ্যোগী লোক ক্ৰমে ইন্দুকল্প ভড়ালী, ধ্ৰুৱজ্যোতি গোস্বামী, বিতোপন দলেসহ কুৰিগৰাকী অভিযন্তা, শিল্পী, শিক্ষাবিদ,সমাজ কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। ইপিনে 'ত্ৰিমূৰ্তি জেংৰাইমুখ' নিৰ্মাতা জীতেন দোলাকাষৰীয়াক দাসীৰাম পেগু, সনাতন পেগু আৰু মনাই পেগুৰ পৰিয়ালৰ হৈ মিচিং ৰিবি গাচেং, এৰকক, ফুলাম গামোচা, সঁফুৰা আদিৰে সন্মান প্ৰদৰ্শন কৰে।

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰিলে 'ত্ৰিমূৰ্তি জেংৰাইমুখ'
বিশ্বজিৎ পাঠকলৈ IIST ৰ সন্মানীয় ৰামানুজন ফেলোশ্বিপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in