বিশ্বজিৎ পাঠকলৈ IIST ৰ সন্মানীয় ৰামানুজন ফেলোশ্বিপ...

বিশ্বজিৎ পাঠকলৈ IIST ৰ সন্মানীয় ৰামানুজন ফেলোশ্বিপ...

author-image
Asomiya Pratidin
New Update
বিশ্বজিৎ পাঠকলৈ IIST ৰ সন্মানীয় ৰামানুজন ফেলোশ্বিপ...

বিশ্বজিৎ পাঠকলৈ IIST ৰ সন্মানীয় ৰামানুজন ফেলোশ্বিপ...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় ৰোমাই গাঁৱৰ সন্তান ড০ বিশ্বজিৎ পাঠকলৈ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক পৰিষদৰ পৰা আগবঢ়োৱা হৈছে সন্মানীয় আৰু প্ৰতিযোগিতামূলক ৰামানুজন ফেলোশ্বিপ। এই সন্মানৰ বাবে তেওঁক কেৰালাস্থিত এছিয়াৰ অন্যতম মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ চাইন্স এণ্ড টেকনল'জী (আই আই এছ টি) ৰ অধ্যক্ষই এই সন্মানৰ বাবে মনোনীত কৰিছিল।

Advertisment

অতি শীঘ্ৰেই বিশ্বজিৎ পাঠকে আই আই এছ টিত যোগদান কৰিব। উল্লেখ্য যে, ড০ বিশ্বজিৎ পাঠকে প্ৰ'পজেল অন ডেভলপিং এ নেক্সেট জেনেৰেশ্যন এডপটিভ অপটিকছ ছিচটেমৰ বাবে এই সন্মান লাভ কৰিছে।

ড০ বিশ্বজিৎ পাঠকে বৰ্তমান ইংলেণ্ডৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ ইঞ্জিনিয়াৰীং চাইন্সত প'ষ্টডক্টৰেল ৰিচাৰ্ছ ফেলো হিচাপে কৰ্মৰত হৈ আছে। বিশ্ববিদ্যালয়খনত তেওঁ বিগত সময়ছোৱাত কেইবাটাও গৱেষণামূলক প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এইগৰাকী অসম সন্তানে ইয়াৰ পূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি তেওঁৰ নামত আছে ৪ টা পেটেণ্ট।

তেওঁ কেইবাটাও আন্তৰ্জাতিক বাৱে প্ৰতিষ্ঠিত প্ৰকাশক গোষ্ঠীৰ বাবে সমীক্ষক হিচাপেও কাম কৰি আছে। তেওঁ বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত অপ্টিক্স আৰু ফটোনিক্স চছাইটিৰ 'অপ্টিকা' যি হোলোগ্ৰাফী আৰু ডিফ্ৰেক্টিভ অপ্টিক্স টেকনিকেল গ্ৰুপৰ ইভেণ্ট অফিচাৰ হিচাপেও নিযুক্তি লাভ কৰিছে। ড০ পাঠক ডিব্ৰুগড়ৰ ৰোমাই গাঁৱৰ প্ৰয়াত বীৰেন্দ্ৰ নাথ পাঠক আৰু শ্ৰীমতী ৰুণুমি পাঠকৰ জ্যেষ্ঠ পুত্ৰ।

Also Read: ওকালতি এৰি ড্ৰাগছ সৰবৰাহত নামিছে অধিবক্তা...

ৰামানুজন ফেলোশ্বিপ