/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0107aad1-9674-4b41-8ca4-3937f07b3c97/RANGIA_2.jpg)
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ কণিহাত আজি প্ৰয়াত দময়ন্তী দেৱীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে গ্ৰন্থ উন্মোচনী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে সাহিত্যক ডিম্বেশ্বৰ বৰুৱা, ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়লৰ অধ্যাপক মৃদুলজ্যোতি পাটোৱাৰী, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিপিন শৰ্মা শাস্ত্ৰী, পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন চৌধুৰী, প্ৰাক্তন অধ্যক্ষ দেবদাস ভট্টাচাৰ্য, বড়িগোগ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি যতীন্দ্ৰ নাথ শৰ্মা, প্ৰাক্তন সম্পাদক হৰেন কলিতা, শিক্ষক ভুৱনেশ্বৰ লহকৰৰ লগতে কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰণ কলিতা উপস্থিত থাকে ।
সংস্কৃতিৰ সাধক পংকজপল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াত দময়ন্তী দেৱীৰ সোৱৰণত পুত্ৰ জয়ন্ত কুমাৰ শৰ্মাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।অনুষ্ঠানটোত অধ্যাপক নিলোৎপল শৰ্মা ,সমাজকৰ্মী মনোজ শৰ্মা ,শিক্ষয়িত্ৰী অৰ্চনা দেৱী সমন্বিতে আন ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ।
Also Read: নগাঁও মহাবিদ্যালয়ত ডিজিটেল কুইজ প্ৰতিযোগিতা সম্পন্ন..