নগাঁও মহাবিদ্যালয়ত ডিজিটেল কুইজ প্ৰতিযোগিতা সম্পন্ন..

মহাবিদ্যালয় সপ্তাহ উপলক্ষে দ্বিতীয় দিনা অনুষ্ঠিত প্ৰতিযোগিতা পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই
নগাঁও মহাবিদ্যালয়ত ডিজিটেল কুইজ প্ৰতিযোগিতা সম্পন্ন..
নগাঁও মহাবিদ্যালয়ত ডিজিটেল কুইজ প্ৰতিযোগিতা সম্পন্ন..

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ৭৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ-২০২৪ৰ আজি দ্বিতীয় দিনা মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা নগাঁও মহাবিদ্যালয়ৰ ডিজিটেল কক্ষত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ মজুমদাৰে।

সাদিন প্ৰতিদিন গোষ্ঠীৰ সংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা ডিজিটেল কুইজ প্ৰতিযোগিতাখনিত মহাবিদ্যালয়ৰ কুৰিটা দলে অংশ গ্ৰহণ কৰে। জ্ঞান বিজ্ঞান, কলা-সংস্কৃতি, ক্ৰীড়া, সাহিত্য আদি বিষয় সামৰি দুঘন্টা জুৰি অনুষ্ঠিত প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে আশ্বিক উজ জামান, সংকল্প জিৎ শইকীয়াই। দ্বিতীয় স্থান লাভ কৰে ৰ'দালি বৰুৱা, প্ৰয়াস শৰ্মাই। তৃতীয় স্থান লাভ কৰে অমৰ বিশ্বাস আৰু প্ৰকাশ মণ্ডলে।

তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ তত্বাৱধায়ক ড০ লক্ষ্য জ্যোতি বৰঠাকুৰ, অধ্যাপক ড০ সঞ্জয় দে, তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পবিত্ৰ হাজৰিকাকে আদি কৰি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ পিছত তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত কবিতা আবৃত্তি আৰু স্বৰচিত কবিতা, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

নগাঁও মহাবিদ্যালয়ত ডিজিটেল কুইজ প্ৰতিযোগিতা সম্পন্ন..
সুৰেশ বৰাক বিজেপিয়ে টিকট দিয়াৰ খবৰে উৎসাহিত কৰিছে কংগ্ৰেছীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in