১৭ গাঁৱৰ যাতায়ত ব্যাহত কৰি ভদীয়া বানত উটি গ'ল দলং

মাজুলীত কেমেৰাৰ সন্মুখতেই উটি গ'ল দলংঃ ব্যাহত ১৭ গাঁৱৰ যাতায়ত ব্যৱস্থা

author-image
Asomiya Pratidin
New Update
১৭ গাঁৱৰ যাতায়ত ব্যাহত কৰি ভদীয়া বানত উটি গ'ল দলং

ডিজিটেল ডেস্কঃ মাজুলীত ভদীয়া বানে লৈছে ভয়াবহ ৰূপ। ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপ-নৈসমূহত জলপৃষ্ঠ বৃদ্ধিৰ বাবে বানত ডুব গৈছে কেইবাখনো নৈপৰীয়া গাঁও। মঙলবাৰে কেমেৰাৰ সন্মুখতে মাজুলীত উটি যায় এখন দলং।

Advertisment

মাজুলী ভকত চাপৰি সংযোগী দলঙখন উটি যোৱাত বিচ্ছিন্ন হয় ১৭খনকৈ গাঁৱৰ যাতায়ত যোগাযোগ । সমান্তৰালভাবে জলবন্দী হৈ পৰে ভকত চাপৰিবাসী। উটি যোৱা কাঠৰ দলংখনেৰে যাতায়ত কৰিছিল ১৭ খন গাঁৱৰ বিদ্যালয় মহাবিদ্যালয় ছাত্র-ছাত্ৰীৰ লগতে সকলো গঞাই। উল্লেখ্য যে, উক্ত দলং খনেৰেই ব্যৱসায় বাণিজ্য হৈছিল বুলি জানিব পৰা গৈছে।

assam flood