সামৰণি পৰিল Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ৰ :পাহাৰী বুঢ়াগোহাঁই শিৰত শ্রেষ্ঠ বিহুৱতীৰ খিতাপ

সামৰণি পৰিল Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ৰ :পাহাৰী বুঢ়াগোহাঁই শিৰত শ্রেষ্ঠ বিহুৱতীৰ খিতাপ

বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক চেক প্ৰদান কৰে অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱাই, ট্ৰফী প্ৰদান কৰে প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে আৰু বঁটা প্ৰদান কৰে উৰ্মিমালা দুৱাৰাই।

ডিজিটেল ডেস্কঃ সামৰণি পৰিল Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ৰ। দেওবাৰে অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখনিৰ চূড়ান্ত ৰাউণ্ড।

প্ৰতিযোগিতাখনিত মুখ্য বিচাৰকৰ আসন অলংকৃত কৰে লোক-সংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই। আনহাতে বিচাৰক হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেত্রী মাধুৰীমা চৌধুৰী আৰু শ্যামন্তিকা শৰ্মা।

এইসকল বিচাৰকৰ উপস্থিতিত আজি উক্ত প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা কৰা হয়। অভিনেত্ৰী অমৃতা গগৈয়ে আতঁ ধৰা অনুষ্ঠানটিত বৰ্ষশ্রেষ্ঠ বিহুৱতী, সৰু বিহুৱতী, হুঁচৰি দলৰ নামৰ ঘোষণা কৰা হয়।

উল্লেখ্য যে বিগত এমাহে ধৰি চলা Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল। আজি ঘোষণা কৰা ফলাফল অনুসৰি ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁয়ে লাভ কৰে শ্রেষ্ঠ বিহুৱতীৰ খিতাপ লগতে এটা ট্রফী আৰু নগদ ১ লাখ টকাৰ পুৰস্কাৰ।

দ্বিতীয় শ্রেষ্ঠ বিহুৱতীৰ খিতাপ অৰ্জন কৰে লখিমপুৰ ঘিলামৰাৰ বৰষা গোহাঁইয়ে লগতে তেওঁ লাভ কৰে নগদ ৫০ হাজাৰ টকা। এটা ট্রফীসহ নগদ ৫০ হাজাৰ টকা লাভ কৰি শ্রেষ্ঠ সৰু বিহুৱতীৰ খিতাপ অৰ্জন কৰে ধেমাজিৰ থাপনা বন্তি দত্তই।

নাজিৰাৰ তনিষ্ঠা দত্তই দ্বিতীয় শ্রেষ্ঠ সৰু বিহুৱতীৰ খিতাপ অৰ্জন কৰাৰ লগতে লাভ কৰে নগদ ২০ হাজাৰ টকা। আনহাতে শ্রেষ্ঠ হুঁচৰি দলৰ খিতাপ অৰ্জন নাৰেংগীৰ মঘাই হুঁচৰি দলে।

মঘাই হুঁচৰি দলে লাভ কৰে এটা ট্রফীৰ লগতে নগদ ২ লাখ টকা। দ্বিতীয় শ্রেষ্ঠ হুঁচৰি দলৰ খিতাপ অৰ্জন গণেশগুৰিৰ গোমচেং দলে লগতে লাভ কৰে নগদ ১ লাখ টকা। বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক চেক প্ৰদান কৰে অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱাই, ট্ৰফী প্ৰদান কৰে প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে আৰু বঁটা প্ৰদান কৰে উৰ্মিমালা দুৱাৰাই।

সামৰণি পৰিল Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ৰ :পাহাৰী বুঢ়াগোহাঁই শিৰত শ্রেষ্ঠ বিহুৱতীৰ খিতাপ
নগাঁও সদৰ থানাৰ সন্মুখৰ কালী মন্দিৰত চোৰৰ লুটপাট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in