নগাঁও সদৰ থানাৰ সন্মুখৰ কালী মন্দিৰত চোৰৰ লুটপাট

মন্দিৰৰ কালী প্ৰতিমাত থকা ২ডাল সোণৰ চেইন আৰু ৮ পাত সোণৰ খাৰু চোৰে লৈ যায়
নগাঁও সদৰ থানাৰ সন্মুখৰ কালী মন্দিৰত চোৰৰ লুটপাট

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীৰ অস্তিত্বক নস্যাৎ কৰি নগাঁও সদৰ থানাৰ সন্মুখত চোৰে চলালে চাফাই অভিযান । নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত থকা নগাঁও ব্যৱসায়ী সন্থাৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰত চোৰে শনিবাৰে নিশা তলা ভাঙি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰায় ৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে ।

জানিব পৰা মতে চোৰে মন্দিৰৰ দানপাত্ৰ ভাঙি নগদ ধনো লুটি লৈ যায়। আনহাতে পুৱা সমগ্ৰ ঘটনাৰ বিষয়ে মন্দিৰৰ পূজাৰীয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। মন্দিৰৰ কালী প্ৰতিমাত থকা ২ডাল সোণৰ চেইন আৰু ৮ পাত সোণৰ খাৰু চোৰে লৈ যায়।

মনকৰিবলগীয়া যে থানাৰ সন্মুখতে থকা মন্দিৰত চলা এই লুট-পাটৰ বিষয়ে স্মাৰ্ট আৰক্ষীয়ে কোনো গমকে নেপালে বুলি আক্ষেপ সচেতন ৰাইজৰ । দাগী অপৰাধীক এনকাউণ্টাৰ কৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰা স্মাৰ্ট অসম পুলিচক সাধাৰণ চোৰে একপ্ৰকাৰ প্ৰত্যাহ্বান জনালে বুলি উল্লেখ একাংশৰ ।

উক্ত ঘটনাক লৈ নগাঁৱত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে শীঘ্ৰে চোৰৰ দলটোক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক দাবী জনায়।

উল্লেখ্য যে যোৱা দুটা নিশাৰ ভিতৰত নগাঁও চহৰৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত পূৱ আমোলাপট্টি শ্ৰী শ্ৰী মা কালী মন্দিৰ আৰু শ্মশানঘাট সাৰ্বজনীন শিৱ মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে নগদ ধন লুটি নিয়ে । এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই। নগাঁও চহৰৰ নামঘৰ ,মন্দিৰ আদিত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ থকাত নগাঁৱৰ সচেতন নাগৰিকসকল উদ্বিগ্ন হৈ পৰিছে।

নগাঁও সদৰ থানাৰ সন্মুখৰ কালী মন্দিৰত চোৰৰ লুটপাট
কৰচোং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কীৰ্তিকান্ত গোস্বামীক নির্মালি প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in