ট্রেণ্ডছ শাৰদী শ্রেষ্ঠ-২০২২ : শ্রেষ্ঠ পূজাৰ খিতাপ অৰ্জন ডিব্রুগড়ৰ শ্রীশ্রী সিদ্ধেশ্বৰী কালী মন্দিৰ দুৰ্গা পূজাৰ...

শাৰদীয় বতৰত ‘ট্রেণ্ডছ প্রতিদিন টাইমে' পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ট্ৰেণ্ডছ শাৰদী শ্রেষ্ঠ-২০২২ প্রতিযোগিতা।

author-image
Asomiya Pratidin
New Update
ট্রেণ্ডছ শাৰদী শ্রেষ্ঠ-২০২২ : শ্রেষ্ঠ পূজাৰ খিতাপ অৰ্জন ডিব্রুগড়ৰ শ্রীশ্রী সিদ্ধেশ্বৰী কালী মন্দিৰ দুৰ্গা পূজাৰ...

best puja award

ডিজিটেল ডেস্ক : শাৰদীয় বতৰত ‘ট্রেণ্ডছ প্রতিদিন টাইমে' পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ট্ৰেণ্ডছ শাৰদী শ্রেষ্ঠ-২০২২ প্রতিযোগিতা। পোন প্রথমবাৰৰ বাবে ‘ট্রেণ্ডছ প্রতিদিন টাইম’এ আয়োজন কৰা ট্রেণ্ডছ শাৰদী শ্রেষ্ঠ ২০২২ প্রতিযোগিতাত বাছনি কৰি উলিওৱা হয় - সৰ্বশ্রেষ্ঠ পূজা, আটকধুনীয়া পূজা মণ্ডপ আৰু প্রতিমাৰ সা-সজ্জা, অভিনৱ সৃষ্টিশৈলী।

Advertisment
sri siddheswari
sri siddheswari

সমগ্র অসমৰ পৰা ২৫০ৰো অধিক পূজা মণ্ডপ আৰু ছ’চাইটী পূজাই এই প্রতিযোগিতাত অংশগ্রহণ কৰিছিল। ৩ অক্টোবৰ, ২০২২ তাৰিখে এই প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। এই প্রতিযোগিতাৰ বিজয়ীসকলক সৰ্বমুঠ ৩ লাখ ৩০ হাজাৰ টকাৰ পুৰস্কাৰ প্রদান কৰা হ’ব।

babylan
babylan

এই প্ৰতিযোগিতাত সৰ্বশ্রেষ্ঠ পূজাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ডিব্রুগড়ৰ শ্রীশ্রী সিদ্ধেশ্বৰী কালী মন্দিৰ দুৰ্গা পূজা সমিতিয়ে। আনহাতে, অভিনৱ সৃষ্টিশৈলী দুৰ্গা পূজাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ ছাত্রীবাৰী সাৰ্বজনীন দেৱ পূজা স্থান সমিতিয়ে।

satribari
satribari

ইয়াৰ উপৰিও শ্রেষ্ঠ প্রতিমা আৰু সা-সজ্জাৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ পাণ্ডুৰ আজাদ হিন্দ ক্লাবে। শ্রেষ্ঠ ছ’চাইটী দুৰ্গা পূজাৰ খিতাপ লাভ কৰে গুৱাহাটীৰ বেবিলন ৱেলফেয়াৰ ছ’চাইটী পূজা সমিতি। উল্লেখ্য যে বিজয়ীসকলক মঙলবাৰে মানপত্র আৰু বঁটা প্রদান কৰা হ’ব।

azad hind
azad hind
assam dibrugarh durga puja guwahati