ব্ৰহ্মজ্যোতি নামঘৰৰ চৌহদত ৰাইজৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী

ব্ৰহ্মজ্যোতি নামঘৰৰ চৌহদত ৰাইজৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মজ্যোতি নামঘৰৰ চৌহদত ৰাইজৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰীত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহস্পতিবাৰে গৰখীয়া পুখুৰী ব্ৰহ্মজ্যোতি নামঘৰৰ চৌহদত উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Advertisment

উল্লেখ্য যে গৰখীয়া পুখুৰী গাঁৱৰ প্ৰায় ২৭ ঘৰ পৰিয়ালৰ পৰা কোনোবাই ৫ টা আৰু কোনোবাই ১০টাকৈ মুঠ ৯৭ টা তামোল গছৰ পুলি,বিভিন্ন ফল-মূলৰ পুলি আৰু ফুল আদি ৰোপণ কৰা হয় । তামোল গছৰ পুলি, ফল-মূল আৰু ফুল ৰোপণৰ কাৰ্যসূচীত গৰখীয়া পুখুৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি ধনেন ব্ৰহ্ম আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰী, চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ ব্ৰহ্ম,ইলা ব্ৰহ্ম,খৰ্গেশ্বৰ বসুমতাৰী, প্ৰভাত বসুমতাৰী, মহিলা সমিতি আৰু ক্লাবৰ সদস্যসকল উপস্থিত থকাৰ উপৰিও গাঁৱখনৰ বহু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

গৰখীয়া পুখুৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদকে এই বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দৰছিং ৰংহাং আৰু অজিত কুমাৰ দে'। সভাত তেওঁলোকে উল্লেখ কৰে যে, ব্ৰহ্মজ্যোতি নামঘৰৰ বাবে ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং আৰু কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ জৰিয়তে ৫ লাখ টকাৰ সীমা দেৱাল আৰু ২.৫ লাখ টকাৰে অসম দৰ্শন আচঁনিৰ জৰিয়তে গৰখীয়া পুখুৰী গাঁৱৰ নামঘৰটি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে বুলি জানিবলৈ দিয়ে।

যদিও নামঘৰৰ চৌহদত ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ বাবে ৰাজহুৱা মঞ্চ এখনৰ বহু প্ৰয়োজন । সেয়ে চৰকাৰ তথা কোনো ইচ্ছুক সদাশয় ধৰ্মপ্ৰাণ ব্যক্তিয়ে গৰখীয়া পুখুৰী গাঁৱৰ নামঘৰৰ বাবে বা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।

Also Read: পানীখাইতি ৰে'ল ষ্টেচনত গ্ৰেপ্তাৰ OC বিমান ৰয়

Plantation